APSৰ ৫৩ নং স্থানত উজলিল বিতু বৈশ্য

APSৰ চুড়ান্ত পৰীক্ষাত উজলিল নগাঁও জিলাৰ কামপুৰৰ অতিকে ভিতৰুৱা আৰু বানপ্ৰীড়িত এলেকা ছাত্ৰ বিতু বৈশ্যই। অসম আৰক্ষী সেৱা(APS)ত ৫৩ নং স্থান লাভ কৰে বিতু বৈশ্যই।

author-image
Asomiya Pratidin
New Update
APSৰ ৫৩ নং স্থানত উজলিল বিতু বৈশ্য

ডিজিটেল সংবাদ,কামপুৰঃ APSৰ চুড়ান্ত পৰীক্ষাত উজলিল নগাঁও জিলাৰ কামপুৰৰ অতিকে ভিতৰুৱা আৰু বানপ্ৰীড়িত এলেকা ছাত্ৰ বিতু বৈশ্যই। অসম আৰক্ষী সেৱা(APS)ত ৫৩ নং স্থান লাভ কৰে বিতু বৈশ্যই।

Advertisment

কামপুৰৰ বছৰৰ অধিক সময় বানত ডুবি থকা এটা কৃষিজীৱি পৰিয়ালৰ সন্তান বিতু বৈশ্য। সৰুৰে পৰা অতি মেধা সম্পন্ন ছাত্ৰ আছিল বিতু। ১৯৯৭ বৰ্ষত জন্ম হোৱা বিতু বৈশ্যই শিক্ষা জীৱন আৰম্ভ কৰে পুঠিমাৰী প্ৰাথমিক বিদ্যালয়ত ।

পিতৃ গৌৰাংগ বৈশ্য আৰু মাতৃ নিশাৰানী বৈশ্যই অতি কষ্টৰে বিতুক শৈক্ষিক জীৱন আগুৱাই নিয়ে। কামপুৰ উচ্চতৰ মাধ্যমিকৰ পৰা প্ৰথম বিভাগত খ্যাতিৰে বিদ্যালয় খনৰ পৰা উত্তীৰ্ণ হৈ নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজৰ পৰা বিজ্ঞান শাখাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈ নগাঁও কলেজৰ পৰা উদ্ভিদ বিজ্ঞানত মেজৰ লৈ উত্তীৰ্ণ হয়। অতি মেধাৱী ছাত্ৰজনে দ্বিতীয় প্ৰচেষ্টাতে APS ত উত্তীৰ্ণ হৈ পৰিয়ালটোৰ লগতে সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনে।

apsc aps nagaon