নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত মহেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ ওপজা দিন পালন

নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত মহেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ ওপজা দিন পালন

ডিজিটেল সংবাদ, নলবাৰী: নলবাৰীত মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয় আৰু মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা বিদ্যাপীঠ স্থাপন কৰি স্ত্ৰী-শিক্ষাৰ দিগ্‌দৰ্শী ব্যক্তি হিচাপে সমাজত উজলি উঠা, নলবাৰী জিলা সাহিত্য সভা আৰু নলবাৰী সাহিত্য সমাজক ভূমি-ঘৰ দাতা, ‘শিক্ষাসেৱক’ প্ৰয়াত মহেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ ওপজা দিন পালন কৰা হয়। এই উপলক্ষে আয়োজিত স্মাৰক বক্তৃতা প্ৰদান কৰে নলবাৰী বাণিজ্য মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ পৰেশনাথ শৰ্মাই।

শনিবাৰে নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত আৰু নলবাৰী সাহিত্য সমাজৰ সহযোগত নলবাৰী জিলা সাহিত্য সভাৰ কাৰ্যালয় সুভদ্ৰা চৌধুৰী ভৱনত হোৱা এই অনুষ্ঠানত পৌৰোহিত্য কৰে নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ডঃ লীনা ডেকাই। মিত্ৰদেৱ মহন্ত ৰচিত ‘চিৰ চেনেহী মোৰ ভাষা জননী’ বৃন্দগীত পৰিৱেশনৰ জৰিয়তে আৰম্ভণী হোৱা এই অনুষ্ঠান উদ্ধোধন কৰি নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰমানাথ বৰুৱাই কয় যে, মহেন্দ্ৰ নাৰায়ণ চৌধুৰীয়ে সোণৰ চামুচ মুখত লৈ জন্ম গ্ৰহণ কৰা নাছিল যদিও তেওঁ বিদ্বান লোকৰ সংগ লাভেৰে জীৱনটো মহীয়ান কৰি তুলিবলৈ সক্ষম হৈছিল।

নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই অনুষ্ঠান আয়োজনৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ পাছতে নলবাৰী সাহিত্য সমাজৰ সভাপতি হীৰেন্দ্ৰ কুমাৰ শৰ্মাই আদৰণী ভাষণ প্ৰদান কৰে। অকণ তালুকদাৰ বৰ্মনে বৰগীত পৰিৱেশন কৰি অনুষ্ঠানটো অধিক প্ৰাণৱন্ত কৰি তোলে।

ইয়াৰ পূৰ্বে নলবাৰী জিলা সাহিত্য সভাৰ কাৰ্যালয়ৰ চোতালত থকা ‘শিক্ষাসেৱক’ মহেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ আবক্ষ মূৰ্তিৰ সন্মুখত শিক্ষাসদী শেৱালি চৌধুৰীয়ে মংগলদীপ জ্বলায়। বিশিষ্ট সমাজসেৱক খগেন্দ্ৰ নাৰায়ণ চৌধুৰীয়ে স্মৃতি তৰ্পণ অনুষ্ঠান মুকলি কৰে। অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক শৰৎচন্দ্ৰ গোস্বামীৰ আবক্ষ মূৰ্তিত বন্তি জ্বলায় নলবাৰী জিলা সাহিত্য সভাৰ উপ সভাপতি লক্ষী পাটোৱাৰীয়ে।

অসম সাহিত্য সভাৰ প্ৰকাশন আহ্বায়ক গোবিন্দ কলিতা, অসমৰ পৰিৱেশ্য কলা সংবৰ্ধন আৰু সংৰক্ষণ সমিতিৰ আহ্বায়ক ডাঃ সমৰ তালুকদাৰ, বিশিষ্ট শিক্ষাব্ৰতী গিৰীশ চন্দ্ৰ দত্তবৰুৱা, নিৰদা চৌধুৰী বৰুৱা, সাংবাদিক জিতেন শৰ্মা, নলবাৰী জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক নৰেশ্বৰ কলিতা প্ৰমুখ্যে বহু সংখ্যক সাহিত্যসেৱকে এই অনুষ্ঠানত উপস্থিত থাকে।

অনুষ্ঠানৰ শেষত নলবাৰী সাহিত্য সমাজৰ সম্পাদক মানসজ্যোতি শৰ্মাই শলাগ জ্ঞাপন কৰে। সভাত সমৱেত সকলোৱে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ অমৰ সৃষ্টি অসম সংগীত পৰিৱেশনৰ লগে লগে সভাৰ সামৰণী পৰে।

নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত মহেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ ওপজা দিন পালন
কেনেকৈ সৃষ্টি হৈছিল 'জব ইউ মেট'ৰ 'গীত' চৰিত্ৰৰ? নাৰীৰ চৰিত্ৰ কিয় প্ৰিয় ইমটিয়াজ আলীৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in