/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/2922f1ee-646b-4021-876e-d9527d7080dc/10.jpg)
ডিজিটেল সংবাদ, কঠীয়াতলী: বুধবাৰে নগাঁও জিলাৰ কঠীয়াতলীত অসম মুণ্ডা মহাসভা ৰেংবেং শাখা সমিতিৰ উদ্যোগত ৰাষ্ট্ৰীয় ছহিদ বীৰ বিৰছা মুণ্ডাৰ ১৪৮ সংখ্যক জন্ম জয়ন্তী পালন কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/0fcb56cd-86ba-418c-bbeb-d691cdd5ec29/3d5216c1_edfc_43f7_8e2b_8ee6579a9a3f.jpg)
দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অসম মুণ্ডা মহাসভা ৰেংবেং শাখা সমিতিৰ উদ্যোগত, আদিবাসী জাতীয় সমাজ মহাসংঘ, অসম চাহ মজদুৰ সংঘ আৰু আদিবাসী চাহ শ্ৰমিক ৰাইজৰ সহযোগত ৰেংবেং চাহবাগিচা খেল পথাৰত বিভিন্ন কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় বীৰ ছহিদ বিৰছা মুণ্ডাৰ ১৪৮ সংখ্যক জন্ম জয়ন্তী পালন কৰে।
পুৱা পতাকা উত্তোলন আৰু ছহিদ তৰ্পণৰ পিছত ৩ শতাধিক আদিবাসী পুৰুষ মহিলাই এক সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰে। বিয়লি ২ বজাৰ মুকলি সভাৰ সভাপতিত্ব কৰে আদিবাসী জাতীয় মহাসংঘৰ সভাপতি বীৰেন মিৰ্ধাই। বহু কেইগৰাকী আদিবাসী নেতাই বীৰ ছহিদ বীৰছা মুণ্ডাৰ কৰ্মজীৱনৰ ওপৰত আলোকপাত কৰে। সভাৰ আঁতধৰে উদযাপন সমিতিৰ সভাপতি বিজয় গুঞ্জুয়ে।
Also Read: মৰিগাঁৱত ছাত্ৰীক চুৰিকাঘাত অচিনাক্ত যুৱকৰ