নগাঁৱত প্ৰতিবাদী কণ্ঠ বিৰিঞ্চি বৰাৰ দুঃশাসনৰ বেশত প্ৰতিবাদ...

নগাঁৱত শনিবাৰে বিৰিঞ্চি বৰাই নাৰী নিগ্ৰহৰ বিৰুদ্ধে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে

author-image
Asomiya Pratidin
New Update
নগাঁৱত প্ৰতিবাদী কণ্ঠ বিৰিঞ্চি বৰাৰ দুঃশাসনৰ বেশত প্ৰতিবাদ...

ডিজিটেল সংবাদ, বেবেজীয়াঃ নগাঁৱত শনিবাৰে বিৰিঞ্চি বৰাই নাৰী নিগ্ৰহ ঘটনাৰ বিৰুদ্ধে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে । মহাভাৰতত দ্ৰৌপদীৰ বস্ত্ৰ হৰণ কৰা দুঃশাসনৰ ৰূপত বিৰিঞ্চি বৰাই অলিম্পিক বিজয়ী ভাৰতীয় মহিলা মল্লযোদ্ধা সকলক যৌন নিৰ্যাতন চলোৱা ভাৰতীয় মল্লযোদ্ধা সন্থাৰ সভাপতি তথা সাংসদ ব্ৰিজ ভূষণ চৰণ সিঙৰ গ্ৰেপ্তাৰৰ দাবীত নগাঁৱৰ ৰাজপথ প্ৰতিবাদ সাব্যস্ত কৰে ।

Advertisment

বিৰিঞ্চি বৰাই নেতা পালিনেতা সকলক দুঃশাসনৰ লগত তুলনা কৰি বৰ্তমানৰ চৰকাৰৰ দিনত ভাৰতীয় মহিলাৰ স্বাধীনতা খৰ্ব হোৱাৰ লগতে বিভিন্ন সময়ত আনকি সাংসদ বিধায়কৰ দ্বাৰাও মহিলা সকল ধৰ্ষণ, বলাৎকাৰ আৰু নিৰ্যাতনৰ সন্মুখীন হোৱা বুলি অভিযোগ কৰে ।

সৰ্বভাৰতীয় পৰ্যায়ত নাৰী নিৰ্যাতনৰ ক্ষেত্ৰত অসমৰ স্থান প্ৰথম হোৱাক লৈ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ খনক তীক্ষ্ণ ভাষাৰে সমালোচনা কৰাৰ লগতে তিনচুকীয়াৰ বৰডুমচাৰ কিশোৰী ধৰ্ষণকাৰী বিষয়টোকলৈও চৰকাৰক তীব্ৰ সমালোচনা কৰে ।

উল্লেখযোগ্য যে তিনচুকীয়াৰ ধৰ্ষিতা কিশোৰী গৰাকীৰ পৰিয়াল প্ৰশাসনৰ ওচৰ চপাৰ স্বত্বেও অপৰাধী আজিকোপতি মুকলি আকাশত থকাৰ বিপৰীতে নিৰ্যাতিতা কিশোৰী গৰাকীৰ মাতৃ বোধিনী প্ৰজাপতিয়ে আত্মহননৰ পথ বাচি লোৱাক লৈ চৰকাৰ খনক সমালোচনা কৰে ।

তেওঁ কয় যে এতিয়াই যদি এই ধৰ্ষণকাৰী, বলাৎকাৰী, নাৰী নিৰ্যাতনকাৰী নেতাসকলৰ বিৰুদ্ধে সকলো ৰাইজ ওলাই নাহে তেনেহলে এটা সময়ত আমাৰ জীয়ৰী, বোৱাৰী সকলো বিজেপিৰ নেতা পালিনেতাৰ হাতোৰাৰ পৰা সুৰক্ষিত নহ'ব ।

উল্লেখযোগ্য যে বিৰিঞ্চি বৰাই আজি নগাঁও মহাবিদ্যালয়ৰ সমীপৰ মতিৰাম বৰাৰ আৱক্ষ মূৰ্তিৰ সন্মুখত বিজেপি সাংসদ ব্ৰিজ ভূষণ চৰণ সিঙৰ মুখা পিন্ধি দুঃশাসনৰ বেশত প্ৰতিকী অৰ্থত বস্ত্ৰ হৰণ কৰি দেখুৱাই।

Also Read: গহপুৰত বাহনসহ অবৈধ অৰুণাচলী সুৰা জব্দ, আটক এজনক ...

#brinchi bora harrest women