/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/393c2bbd-3795-4f03-9bc9-e9f355f8d65d/BIHU_2.jpg)
উৰিয়া গাঁৱত গান্ধাৰৰ উদ্যোগত 'সদৌ অসম বিহুৰ আখৰা-২০২৪' ৰ আৰম্ভ...
ডিজিটেল সংবাদ উৰিয়াগাঁওঃ নগাঁৱৰ অন্যতম অগ্ৰণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান "গান্ধাৰৰ"উদ্যোগত আজিৰে পৰা উৰিয়া গাঁও খেলপথাৰত লোকশিল্পী প্ৰয়াত বিষ্ণুৰাম মেধীৰ সোঁৱৰণত সদৌ অসম বিহুৰ আখৰা-২০২৪ উদ্বোধনী অনুষ্ঠান আৰম্ভ হৈছে। উক্ত অনুষ্ঠানৰ লগত সংগতি বিহু নাচ, জেং বিহু, বিহু নাম, ঢোল আৰু পেঁপাবাদন কৰ্মশালা অনুষ্ঠিত হ'ব।
আজি বিয়লিৰে পৰা অনুষ্ঠিত হোৱা বিহু কৰ্মশালাখনৰ শুভ উদ্বোধন কৰে বিশিষ্ট সমাজকৰ্মী ৰঞ্জিত তামুলী ফুকনে।কৰ্মশালাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি কণ্ঠশিল্পী তথা বিহু সম্ৰাট কৃষ্ণমনি নাথে গান্ধাৰে অনুষ্ঠিত কৰি অহা এনে কৰ্মশালাৰ যোগেদি প্ৰশিক্ষাৰ্থীসকলে এসময়ত অঞ্চলটোৰ লগতে জিলা আৰু সমগ্ৰ অসমত প্ৰতিনিধিত্ব কৰাৰ সুযোগ পাব বুলি আশা প্ৰকাশ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/184e00d5-5acb-4490-af9f-c3a6f3ed62ec/9dfe07a2_d322_44b1_89da_d09c232140c3.jpg)
গান্ধাৰৰ সম্পাদক প্ৰদীপ বৰাই আঁত ধৰা উক্ত অনুষ্ঠানত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক নাৰায়ন বনিয়া, অজন্তা গোস্বামী, কুঞ্জলতা মহন্ত, গান্ধাৰৰ সভাপতি পল্লৱ জ্যোতি মহন্ত, উপ-সভাপতি শ্যামন্ত দাস, উৰিয়া গাঁও আঞ্চলিক উন্নয়ন সমিতিৰ সভাপতি প্ৰাগজ্যোতিষ বনিয়া, কবি তথা লেখক জেউতি হাজৰিকা, মালবিকা দাস, কৰ্মশালাৰ প্ৰশিক্ষণ ক্ৰমে ৰিমঝিম গগৈ, ইন্দিৰা দেউৰী, পদুম প্ৰসাদ শইকীয়া,চন্দ্ৰ শইকীয়া, শংকৰ দাস আদিক সম্বৰ্ধনা জনোৱা হয়।
কৰ্মশালাত শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে,কৰ্মশালাৰ ২৮ এপ্ৰিলত অনুষ্ঠিত হ'ব লগা সামৰণি অনুষ্ঠানটিত মুকলি বিহু অনুষ্ঠিত হ'ব।সেইদিনা উক্ত অনুষ্ঠানত এক হাজাৰ বিহুৱতীৰ বিহু নাচ প্রদর্শন, আমন্ত্ৰিত বিহু দলৰ বিহু নাচ, নগঞা ১০০ গৰাকী লোক শিল্পীক সম্বৰ্ধনা জনোৱা হ'ব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/1888fa80-8e35-4cf2-889e-659b1ee1ea93/50277905_c6aa_4aab_9fdd_de3ea153944f.jpg)
উক্ত অনুষ্ঠানতেই ঢোলৰ ওজা সোমনাথ বড়ালৈ 'ধনকলিয়া' অভিধা প্ৰদান, বিশিষ্ট অভিনেত্ৰী প্ৰস্তুতি পৰাশৰলৈ 'অভিনয় চন্দ্ৰমা' অভিধা প্ৰদান,আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ হিমা দাসৰ মাতৃ জোনালী দাস আৰু তেজপুৰৰ ৰুবী বৰদলৈক "গান্ধাৰ" আদৰ্শ মাতৃ বঁটা প্ৰদান কৰাৰ উপৰিও কলিয়াবৰৰ সত্ৰীয়া সংস্কৃতিৰ সাধক, উপাসক হিৰু প্ৰসাদ মহন্তলৈ "শিল্প প্ৰাজ্ঞ" বঁটা ২০২৪ প্ৰদান কৰা হ'ব বুলি জানিব পৰা গৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/edaeafc6-d9e3-43ee-aeb6-bdc761724376/44509b8b_16ba_43b9_91e0_5dbb278981ae.jpg)
Also Read: চাৰিজন সমৰ্থকক লৈ শোণিতপুৰত ৮ লাখ ভোটত জয়ী হোৱাৰ দাবী নিৰ্দলীয় প্ৰাৰ্থীৰ...