/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-01/nz42bwmc/295.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱা : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানৰ শ'লগুৰি সত্ৰৰ আইমাতৃ বৈষ্ণৱ পণ্ডিত ভূৱনেশ্বৰী মহন্ত আই যোৱা ২০ অক্টোবৰত সকলোকে কন্দুৱাই ইহ সংসাৰৰ পৰা বিদায় লয়। ৯৯ বছৰ বয়সত মৃত্যু হোৱা বটদ্ৰৱা থানৰ নামলগোৱানী(নামতি) গৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উদ্দেশ্যে শুকুৰবাৰে তেখেতৰ আদ্যশ্ৰাদ্ধৰ দিনা শ’লগুৰি সত্র(সৰুহিছা)ৰ বাসগৃহত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-01/ui1ebonj/f0bba82b-5ba9-4502-bbe4-c6443fa3e516.jpg)
শ্ৰীমন্ত শঙ্কৰদেৱ গৱেষণা প্ৰতিষ্ঠান, বটদ্ৰৱা আলিপুখুৰী শাখা সাহিত্য সভা আৰু বটদ্ৰৱা নাগৰিক মঞ্চৰ বিষয়ববীয়া সকলৰ তৎপৰতাত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আলিপুখুৰী শাখা সাহিত্য সভাৰ সভাপতি ইন্দ্ৰমোহন বৰুৱা, নাগৰিক মঞ্চৰ সভাপতি জয়ন্ত হাজৰিকাই আইগৰাকীৰ স্মৃতি সোঁৱৰণ কৰি, তেখেতৰ আদৰ্শ, ব্যক্তিত্ব আলোকপাত কৰে। অনুষ্ঠানটিত সমাজকৰ্মী তুুৱাৰাম বৰুৱা, দিলীপ দেৱ গোস্বামী, মহেন্দ্ৰ বৰুৱা, লক্ষ্যধৰ তালুকদাৰ, বৃন্দা ৰায় চৌধুৰী, স্বপ্না গোস্বামী, ধনলতা মহন্তকে আদি কৰি শতাধিক লোক উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-01/15dc9o5u/8d917c91-8453-4d33-8e9b-c082065d59be.jpg)
ইফালে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পূৰ্বে নৰোৱা বালিসত্রৰ ডেকা সত্ৰীয়া, নামচাৰ্য ৰাজু গোস্বামীকে প্ৰমুখ্য কৰি বটদ্ৰৱা শলগুৰি, নৰোৱা সত্রৰ শতাধিক ভকত বৈষ্ণৱ, আইমাতৄৰ অংশ গ্ৰহণেৰে আদ্যশ্ৰাদ্ধৰ নাম কীৰ্তন সম্পন্ন হয়।
Also Read: কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙৰ উপস্থিতিত অৰুণাচলত মেজৰ ৰালেংনাও বব খাথিঙৰ স্মৃতিত সংগ্ৰহালয় মুকলি