উৰিয়াগাঁৱত মেজি প্ৰজ্বলনেৰে আৰম্ভ হ’ল ভোগালী বিহু উৎসৱৰ কাৰ্যসূচী...

উৰিয়াগাঁৱত মেজি প্ৰজ্বলনেৰে আৰম্ভ হ’ল ভোগালী বিহু উৎসৱৰ কাৰ্যসূচী...
উৰিয়াগাঁৱত মেজি প্ৰজ্বলনেৰে আৰম্ভ হ’ল ভোগালী বিহু উৎসৱৰ কাৰ্যসূচী...

ডিজিটেল সংবাদ নগাঁও: পুৱাৰ মেজি দাহ কৰি অগ্নি দেৱতাক সেৱাৰে সমাজৰ পৰা অসুয়া-অপ্ৰীতি নাশ কৰাৰ আশাৰে ঐতিহ্যমণ্ডিত উৰিয়াগাঁও খেলপথাৰত আৰম্ভ হ’ল ভোগালীৰ বিহু উৎসৱ উদযাপনৰ মূল কাৰ্যসূচী ৷ পুৱা ৬ বজাতে পৰম্পৰাগত ভাবে ৫২ ফুট ওখ মেজিত অগ্নিপ্ৰজলন কৰি কাৰ্যসূচী পাতনি মেলা হয় ৷

অসমীয়া প্ৰতিদিন কাকতৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই মেজি প্ৰজ্বলন কৰাৰ পিছতে উপস্থিত সকলোৱে অগ্নি দেৱতালে সেৱা জনাই আৰ্শীবাদ গ্ৰহণ কৰে ৷ ইয়াৰ পিছতে সকলোৱে জুইৰ উত্তাপ লৈ মোৱা আলু জুইত পুৰি গ্ৰহণ কৰে ৷

User

মোৱা আলু মাঘৰ বিহুৰ পুৱা মেজি প্ৰজ্বলন কৰাৰ পিছত সেৱন কৰাটো অসমীয়া সমাজৰ এক পৰম্পৰা ৷ ইয়াৰ পিছতে উপস্থিত সকলোৱে বিহুৰ পিঠা-পনা গ্ৰহণ কৰে ৷ উল্লেখ্য এই যে ১৪ জানুৱাৰীৰ পৰা বিহুৰ মূল কাৰ্যসূচী আৰম্ভ হৈছে যদিও ৭ জানুৱাৰীৰ পৰাই বিহু বুলি উখলমাখল পৰিবেশে বিৰাজ কৰি আহিছে ৷

উৰিয়াগাঁও আঞ্চলিক উন্নয়ন সমিতিৰ উদ্যোগত উৰিয়াগাঁও জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, উৰিয়াগাঁও ক্ষুদ্ৰ ব্যৱসায়ী সন্থা আৰু বৃহত্তৰ উৰিয়াগাঁও অঞ্চলৰ ৰাইজৰ সহযোগত এইবেলি উলহ মালহেৰে বিহুৰ কাৰ্যসূচী আৰম্ভ হৈছে ৷

User

বিহুৰ কাৰ্যসূচীৰ অন্তৰ্গত মহিলা আত্মসহায়ক গোটৰ দ্বাৰা অনুষ্ঠিত অসমী ভোগালী মেলাৰ প্ৰতি ৰাইজৰ সহযোগিতা আছিল আশাপ্ৰদ ৷ ইয়াৰ বাহিৰেও অনুষ্ঠিত বিহুৰ প্ৰতিদিনৰ কাৰ্যসূচীতে ৰাইজৰ উপস্থিতিয়ে প্ৰাণ চঞ্চলা কৰি তুলিলে উৰিয়াগাঁৱৰ খেলপথাৰ ৷

পুৱা ৮ বজাত বিহুৰ পতাকা উত্তোলন কৰা হয় ৷ পতাকা উত্তোলন কৰে প্ৰাগজ্যোতিষ বনিয়া আৰু ছহিদ তৰ্পণ কৰে পীতাম্বৰ শইকীয়াই ৷ অনুস্থানত ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তৰ লগতে কমলেশ শইকীয়া, প্ৰবোধ বৰা, প্ৰদীপ মুদৈ, অতুল ফুকন, জিতুমণি বৰা আদি উপস্থিত থাকে ৷

User

অনুষ্ঠানত ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তই কয় যে, উৰিয়াগাঁৱত মহিলাৰ এখনি থলুৱা বজাৰ গঢ়ি তোলা হ'ব ৷ যিখন বজাৰ ২৪ ঘন্টাই খোলা থাকিব ৷

User
উৰিয়াগাঁৱত মেজি প্ৰজ্বলনেৰে আৰম্ভ হ’ল ভোগালী বিহু উৎসৱৰ কাৰ্যসূচী...
ভোগালীৰ পুৱাতে উৰিয়াগাঁৱৰ পহুকটাত অঘটন : খেৰৰ মেজি আৰু গোহালিত অগ্নি সংযোগ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in