বঢ়মপুৰ তিনিআলি নামঘৰৰ ভাগৱত পাঠ অনুষ্ঠানৰ সফল সমাপ্তি

বঢ়মপুৰ তিনিআলি নামঘৰৰ ভাগৱত পাঠ অনুষ্ঠানৰ সফল সমাপ্তি

ডিজিটেল সংবাদ, বঢ়মপুৰ: দুদিন ধৰি ভক্তিৰসেৰে জীপাল হৈ থাকিল নগাঁও জিলাৰ বঢ়মপুৰ তিনিআলি নামঘৰ। বিশ্ব শান্তিৰ উদ্দেশ্যে বঢ়মপুৰ তিনিআলি ৰাইজৰ দ্বাৰা দেওবাৰৰ পৰা দুদিনীয়া কাৰ্য্যসূচীৰে আৰম্ভ হোৱা ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানৰ সোমবাৰে সামৰণি পৰে। সেই উপলক্ষে দেওবাৰে পুৱা ৬ বজাত অঞ্চলটোৰ নামাচাৰ্য কনক চন্দ্ৰ বৰাৰ দ্বাৰা প্ৰাতঃপ্ৰসংগৰে আৰম্ভ হোৱা কাৰ্য্যসূচীৰ পাছত ধৰ্মধ্বজা উত্তোলন কৰে সভাপতি দেৱেন হাজৰিকাই।

নামাচাৰ্য কনক চন্দ্ৰ বৰাই ধৰ্মধ্বজাস্থলীত ভাগৱত শাস্ত্ৰৰ ওপৰত তত্বগধুৰ বক্তব্য ৰাখি অঞ্চলবাসীক মুখৰিত কৰে। অঞ্চলৰ শতাধিক পুৰুষ-মহিলাৰ অংশগ্ৰহণেৰে হৰিনামৰ ধ্বনিৰে সমগ্ৰ অঞ্চল মুখৰিত কৰা পুৱা ৮ বজাৰ ভাগৱত ভ্ৰমণ কাৰ্য্যসূচীৰ আঁত ধৰে কমলা কান্ত বৰাই। ভাগৱত ভ্ৰমণৰ অন্তত লোচন বৰাই এটি ঘোষাৰে আদৰণি জনায় ।

পুৱা ১১ বজাত বৃহত্তৰ বঢ়মপুৰ বাৰেগঞা ভকত ৰাইজৰ সহযোগত নামাচাৰ্য কনক চন্দ্ৰ বৰাই নামপ্ৰসংগ কৰাৰ পাছত প্ৰসাদ আৰু ভোগ বিতৰণ কৰা হয় । বিয়লি ১ বজাত ভাগৱত পাঠৰ শুভাৰম্ভ আৰু লোচন বৰাৰ দ্বাৰা অক্ষয় বন্তি প্ৰজ্বলন কৰা হয় । ভাগৱত পাঠৰ মূল ব্যাখ্যাকাৰ হিচাপে উপস্থিত থাকে নগাঁও ডিফলুৰ প্ৰফুল্ল কলিতা আৰু সহযোগী হিচাপে উপস্থিত থাকে বঢ়মপুৰ পানীগাঁৱৰ মৌচুমী শৰ্মা ।

সন্ধ্যা নামঘৰৰ চৌহদত প্ৰজ্বলক কমলা কান্ত বৰাৰ দ্বাৰা ৫০০ গছি বন্তি প্ৰজ্বলন কৰা হয়। ইফালে সোমবাৰে পুৱা ১১ বজাত ভাগৱত পাঠৰ সামৰণিৰ পাছত নামাচাৰ্য কনক চন্দ্ৰ বৰাৰ দ্বাৰা নামপ্ৰসংগ কৰা হয় । প্ৰসাদ বিতৰণ আৰু আহাৰ গ্ৰহণৰ পাছত বিয়লি ৩ বজাত অঞ্চলৰ বাচকবনীয়া শিল্পীসকলৰ দ্বাৰা কাব্যজ্যোতি বৰাৰ পৰিচালনাৰে "শংখচুড় বধ "নাট প্ৰদৰ্শন কৰা হয়।

শংকৰদেৱ বিৰচিত এটি বৰগীতেৰে আৰম্ভ হোৱা নাটখনত কৃষ্ণপ্ৰৱেশ, গোপী নৃত্য আৰু শংখচুড় বধৰ অভিনয়ে ৰাইজক মন্ত্ৰমুগ্ধ কৰি তোলাৰ লগতে নামঘৰৰ পৰিৱেশ যেন দ্বিতীয় বৃন্দাবনত পৰিণত হয়। বিশেষকৈ শিশু কৃষ্ণ নৃত্য প্ৰদৰ্শন কৰা মনদ্বীত শইকীয়া আৰু ৰূপজ্যোতি হাজৰিকাৰ নৃত্যই ৰাইজক আমোদ দিয়ে। বিয়লি ৪.৩০ বজাত ধৰ্মধ্বজা অৱনমনেৰে অনুষ্ঠানৰ সফল সামৰণি ঘটে।

বঢ়মপুৰ তিনিআলি নামঘৰৰ ভাগৱত পাঠ অনুষ্ঠানৰ সফল সমাপ্তি
'গোলাঘাট গ্ৰন্থমেলা আৰু সাহিত্য সমাৰোহ-২০২৩'ৰ ব্যাপক প্ৰস্তুতি

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in