/asomiyapratidin/media/media_files/2025/07/02/1-2025-07-02-16-28-44.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ হাতিচোং নমাটি গাঁৱৰ একাধাৰে গায়ন, বায়ন, পাঠক, নামটি, সূত্ৰধাৰ, অভিনেতা তথা বিশিষ্ট শিল্পী বিচিত্ৰ মোহন ডেকাৰ প্ৰচেষ্টাত অঞ্চলৰ ৰাইজ, ভকত বৈষ্ণৱৰ সহযোগত যোৱা ৩০ জুনৰ পৰা আৰম্ভ হোৱা অবিৰত ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানৰ আজি সামৰণি পৰে।
ভাগৱত পাঠ আৰু ব্যাখ্যাৰ আৰম্ভণিতে খোল প্ৰসঙ্গ, নাম প্ৰসঙ্গ অনুষ্ঠিত হয়। ইফালে আজি ভাগৱত পদক্ষিণ, নাম-প্ৰসঙ্গৰে ভাগৱত পাঠ আৰু ব্যাখ্যাৰ সামৰণি পৰে। বৈকুণ্ঠৰ কল্পতৰু সদৃশ ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানত চাপৰমুখৰ পংকজ তামুলী, জালুগুটিৰ বিষ্ণু দাস, দলংঘাটৰ কৃষ্ণকান্ত ভাগৱতী, মৰিগাঁও কুশতলিৰ মৃদুল কাৰ্শৰ, নমাটি গাঁৱৰ দয়াৰাম মেধি, কমল ৰাজবংশীকে আদি কৰি সহস্ৰাধিক ভকত বৈষ্ণৱে অংশ গ্ৰহণ কৰে।