/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/5a8a6d44-2d4a-4138-a1bd-73d2d3d6c06f/101.jpg)
ডিজিটেল সংবাদ,বেবেজীয়া : সমগ্ৰ বিশ্বৰ শান্তি তথা মঙ্গল কামনাৰে বৃহস্পতিবাৰৰ পৰা নগাঁও জিলাৰ পশ্চিম শেনছোৱা নামঘৰত অনুষ্ঠিত হৈছে ভাগৱত পাঠ। পশ্চিম শেনছোৱা নামঘৰ উন্নয়ন সমিতি আৰু মহিলা অভ্যৰ্থনা সমিতিৰ সৌজন্যতএই তৃতীয় বাৰ্ষিক ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানৰ শুভাৰম্ভ হৈছে ।
উদুলি-মুদুলি পৰিবেশত আজি পুৱা ৫-০০ বজাত পশ্চিম শেনছোৱা নামঘৰৰ নামঘৰীয়া তপণ বৰাই মূল আসনত বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে । ৭-০০ বজাত ধৰ্মধ্বজ্জা উত্তোলন কৰে নামঘৰ উন্নয়ন সমিতিৰ সভাপতি তথা বিশিষ্ট সমাজকৰ্মী প্ৰদীপ কুমাৰ নাথে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/636077a4-465e-40e7-b261-a9e5b6c1904c/a1472be5_cb7c_4a4b_a0c1_cf1e487c24e3.jpg)
ইয়াৰ পাছতে বন্তি প্ৰজ্বলন কৰে সমাজসেৱক তিলক নাথে । ৮-০০ বজাত শেনছোৱা অঞ্চলৰ আইসকলৰ দ্বাৰা গংগা জল আহৰণ অনুষ্ঠানটিৰ উদ্বোধন কৰে সমাজ সেৱক কিৰণ চন্দ্ৰ নাথে ।
দুপৰীয়া নাম-প্ৰসংগ আৰু প্ৰসাদ বিতৰণ কাৰ্যসূচী সম্পন্ন হয়। বিয়লি ২-০০ বজাৰ পৰা ভাগৱত পাঠৰ বন্তি প্ৰজ্বলন আৰু পাঠৰ শুভাৰম্ভ অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে নামাচাৰ্য অতুল নাথে । ভাগৱত পাঠ অনুষ্ঠানটিৰ উদ্বোধন কৰে হৰেন্দ্ৰ নাথে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/e947bb62-4255-43eb-90a1-fc8b7aa6052b/39ea6e97_0871_4ade_bc4c_8dae51153971.jpg)
বিয়লিৰ পৰা আৰম্ভ হোৱা অবিৰত ভাগৱত পাঠৰ পৰিচালনা কৰে বায়ন আৰু পাঠক মনমোহন দেৱ নাথ, বায়ন আৰু পাঠক ৰূপেশ্বৰ নাথ, নামাচাৰ্য অতুল নাথ, সূত্ৰধাৰ ঘনকান্ত নাথে । অনুষ্ঠানত মহিলা অভ্যৰ্থনা সমিতিৰ সভানেত্ৰী জ্যোতিৰেখা দেৱী, সম্পাদিকা বিউটি দেৱী, বিনু দেৱী, বিভাৰাণী দেৱী, লাভেশ্বৰী দেৱীকে প্ৰমূখ্য কৰি অঞ্চলটোৰ মহিলাসকল উপস্থিত থাকি অনুষ্ঠানৰ পৰিচালনা কৰে।
উল্লেখযোগ্য যে অবিৰতভাৱ ভাগৱত পাঠৰ অন্তত ২৩ মাৰ্চত পাঠৰ সামৰণি আৰু ভকতসকলৰ দিহানামেৰে অনুষ্ঠানৰ সামৰণি পৰিব ।
Also Read: সদৌ অসম গ্ৰাম্য ঔষধ ব্যৱসায়ী সংস্থাৰ বৰ্দ্ধিত কাযনিৰ্বাহক সভা