মৰিকলংৰ ভবজ্যোতি শইকীয়াৰ ডক্টৰেট ডিগ্ৰী লাভ

মৰিকলংৰ ভবজ্যোতি শইকীয়াৰ ডক্টৰেট ডিগ্ৰী লাভ

ডিজিটেল সংবাদ, নগাঁওঃ অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক আৰু সেই বিশ্ববিদ্যালয়ৰে উপাচাৰ্য্যৰ বিশেষ কৰ্তব্যৰত বিষয়া ভবজ্যোতি শইকীয়াই ডক্টৰেট ডিগ্ৰী (পি,এইচ,ডি,)লাভ কৰাত মৰিকলংবাসী ৰাইজে আনন্দ লাভ কৰিছে ।পিতৃ-মাতৃহীন ঘৰখনৰ প্ৰথম সন্তান হিচাপে তেওঁৰ এই কৃতিত্বত পৰিয়াল, ইষ্ট-কুটুম্বৰ মাজতো আনন্দৰ লহৰ দেখা গৈছে।

বিশ্ববিদ্যালয়খনৰ দশম সমাৱৰ্তনত যোৱা ২৬আগষ্টত তেওঁলৈ এই সন্মান আগবঢ়োৱা হয়। তেওঁৰ গৱেষণাৰ বিষয় আছিল "অসমৰ চাহ, ইতিহাস,প্ৰত্যাহ্বান আৰু বাণিজ্যখণ্ডত ইয়াৰ প্ৰত্যাশা"।

এই বিশ্ববিদ্যালয়ৰে প্ৰফেচাৰ এমেৰিটাচ ডঃ হোমেশ্বৰ গোস্বামীৰ নেতৃত্ব আৰু তত্বাৱধানত তেওঁ এই গবেষণা সম্পন্ন কৰে। পিতৃ পুতুৰাম শইকীয়াৰ ২০১২ চনত আৰু মাতৃ পদ্মা শইকীয়াৰ যোৱা মাৰ্চ মাহত দেহাৱসান হৈছে।

একমাত্ৰ পুত্ৰ আৰু পত্নী মিজুস্নাতাৰ সৈতে তেওঁ অধ্যাপনা সূত্ৰে বৰ্তমান গুৱাহাটীৰ বাসিন্দা। উল্লেখ্য যে, ভবজ্যোতিয়ে ২০১০ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পূব য়ৰ্কশ্বায়াৰত অৱস্থিত হুল ইউনিভাৰচিটিৰ বিজিনেচ স্কুলৰ পৰা আন্তৰ্জাতিক বাণিজ্য বিষয়ত এম.এছ. ডিগ্ৰী লাভ কৰিছিল ।

মৰিকলংৰ ভবজ্যোতি শইকীয়াৰ ডক্টৰেট ডিগ্ৰী লাভ
শেষ লেখাটো লিখা নহ'ল ৰমু দাৰ...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in