বাটৰ নাট প্ৰদৰ্শনেৰে নগাঁও ইন্টাৰনেছনেল স্কুলৰ বিশ্ব পৰিৱেশ দিৱস পালন...

বাটৰ নাট প্ৰদৰ্শনেৰে নগাঁও ইন্টাৰনেছনেল স্কুলৰ বিশ্ব পৰিৱেশ দিৱস পালন...

ডিজিটেল সংবাদ, বেবেজীয়া : সোমবাৰে নগাঁও চহৰৰ মিচন মাৰ্কেটত দিনৰ ১১ বজাত নগাঁও ইন্টাৰনেছনেল স্কুলৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি "বসন্ত আকৌ আহিব" শীৰ্ষক এখনি সজাগতা মূলক বাটৰ নাট প্ৰদৰ্শন কৰে। নাটখনি প্ৰদৰ্শন কৰে নগাঁও ইন্টাৰনেছনেল স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলে।

বিশ্ব পৰিৱেশ দিৱস প্ৰতিবছৰে উৎযাপন কৰাৰ পৰিৱৰ্তে প্ৰগতিশীল ভাৰতবৰ্ষত প্ৰতিদিনে আমি যাতে গছপুলি ৰোপণ কৰোঁ তাৰ উদ্দেশ্যে ছাত্ৰ-ছাত্ৰীসকলে এই বাটৰ নাট প্ৰদৰ্শন কৰে বুলি বিদ্যালয় কৰ্তৃপক্ষৰ বিজু বৰাই জানিবলৈ দিয়ে। উল্লেখ্য যে, ১৯৭৩ চনৰ পৰাই ৫ জুনৰ দিনটো ‘বিশ্ব পৰিৱেশ দিৱস’ ৰূপে পালন কৰি অহা হৈছে। মানুহৰ জীৱনত সেউজ আৰু স্বাস্থ্যসন্মত পৰিৱেশৰ গুৰুত্ব সম্পৰ্কত বিশ্বজুৰি আজিৰ দিনটোত সজাগতা সৃষ্টিৰে এই দিৱসটো উৎযাপন কৰা হয়।

বাটৰ নাট প্ৰদৰ্শনেৰে নগাঁও ইন্টাৰনেছনেল স্কুলৰ বিশ্ব পৰিৱেশ দিৱস পালন...
মেঘালয়ৰ দক্ষিণ-পশ্চিম গাৰো পাহাৰ জিলাত অসমৰ ব্যৱসায়ীক অপহৰণৰ চেষ্টা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in