হাতীচুং বৈদিক চৰ্চা কেন্দ্ৰৰ মূল দ্বাৰ উন্মোচন...

পেঞ্চনৰ ধনেৰে নিৰ্মাণ কৰিলে হাতীচুং সঞ্জীৱনী সংস্কৃত টোলৰ‌ বৈদিক চৰ্চা কেন্দ্ৰৰ নৱ নিৰ্মিত তোৰণ

author-image
Asomiya Pratidin
New Update
হাতীচুং বৈদিক  চৰ্চা কেন্দ্ৰৰ  মূল দ্বাৰ উন্মোচন...

ডিজিটেল সংবাদ, বেবেজীয়া: হাতীচুং বৈদিক চৰ্চা কেন্দ্ৰৰ মূল দ্বাৰ উন্মোচন। নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ জামুগুৰিৰ শ্বহীদ মনবৰ নাথ মজলী‌য়া বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী প্রিয় ভট্টাচাৰ্যই পেঞ্চনৰ ধনেৰে হাতীচুং সঞ্জীৱনী সংস্কৃত টোলত কেন্দ্ৰীয় ব্ৰাহ্মণ সমাজৰ ঐতিহ্যমণ্ডিত হাতীচুং বৈদিক চৰ্চা কেন্দ্ৰৰ মূল দ্বাৰৰ নিৰ্মাণ কৰি উলিয়ায়। উক্ত নৱ নিৰ্মিত তোৰণৰ আজি উন্মোচন কৰা হয়।

প্ৰাক স্বাধীনতা কালৰ ১৯১৫ চনতে স্থাপিত হোৱা হাতীচুং বৈদিক চৰ্চা কেন্দ্ৰই শতবৰ্ষ গৰকা সঞ্জীৱনী সংস্কৃত টোলৰ মূল দ্বাৰৰ তোৰণ উন্মোচন কৰে বিশিষ্ট সমাজকৰ্মী দিলীপ শৰ্মাই। বৈদিক ৰীতি-নীতি আৰু মাঙ্গলিক কাৰ্যসূচীৰে বন্তি প্ৰজ্বলন কৰে অনিল আগামাচাৰ্য্য‌ই।‌ তোৰণ নিৰ্মাণ সমিতিৰ সম্পাদক‌ তথা সাংস্কৃতিক কৰ্মী, আছুকৰ্মী নিপন শৰ্মাই আঁতধৰা অনুষ্ঠানটিত তোৰণ দাতা অৱসৰ প্ৰাপ্ত শিক্ষয়িত্ৰী প্ৰিয় ভট্টাচাৰ্যক সম্বৰ্ধনা জনোৱা হয়।

প্ৰয়াত পিতৃ উমেশ চন্দ্ৰ ভট্টাচাৰ্য, মাতৃ চন্দ্ৰমাই দেৱী আৰু স্বামী ধীৰেন্দ্ৰনাথ সভাপণ্ডিতৰ পবিত্ৰ স্মৃতিত আগবঢ়োৱা তোৰণ উন্মোচনৰ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠিত শিশু সাহিত্যক ত্ৰৈলোক্য ভট্টাচাৰ্য, শিক্ষাবিদ অশোক বৰঠাকুৰ, বিপুল আগামাচাৰ্য্য আলোক শৰ্মা, অৱনি শৰ্মা, ডম্বৰু শৰ্মা, স্বৰূপ ফুকন, জিতেন ভট্টাচাৰ্য, কুমুদ শৰ্মা, জগৎ কণ্ডলী, কুমুদ শৰ্মা, চুমি বেজবৰা, ৰূপা ভট্টাচাৰ্য, দীপালী আগামাচাৰ্য্য, বৰ্ণালী পৰাশৰ, এনি ভট্টাচাৰ্যকে ধৰি তিনিশতাধিক লোক উপস্থিত থাকে।

অন্যহাতে হাতীচুং সঞ্জীৱনী সংস্কৃত টোল প্ৰাঙ্গনত শ্ৰী শ্ৰী বাসন্তী পূজা উপলক্ষ্যে পুৱা চণ্ডীপাঠ, নৱ পত্ৰিকা প্ৰৱেশ আৰু সপ্তমী বিহীত পূজা অনুষ্ঠিত কৰা হৈছে। তদুপৰি বাসন্তী পূজা উপলক্ষে অঞ্চলটোত উৎসৱ মুখৰ পৰিৱেশ সৃষ্টি হৈছে ।

Also Read: উভতনি যাত্ৰা: ক্ষতিগ্ৰস্থ এখন মহাকাশযান!

nagaon