/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/b338565a-98bb-4ab0-903d-1e4da4364701/18.jpg)
ডিজিটেল সংবাদ, বেবেজীয়াঃ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ পূৱ জামুগুৰি নামঘৰত শনিবাৰে বাৰ্ষিক সেৱা আৰু ভাগৱত পাঠৰ অনুষ্ঠান অনুষ্ঠিত হৈ যায় । অনুষ্ঠানৰ পুৱা পৰিৱেশ নিকাকৰণৰ পিছতে ধৰ্ম ধ্বজা উত্তোলন কৰে সমাজকৰ্মী গোপীনাথ বৰদলৈয়ে। ইয়াৰ পিছতে নাম-প্ৰসংগৰ অনুষ্ঠান সম্পন্ন হয়।
বিয়লি বাৰপূজীয়াৰ চেমনীয়া পাঠক প্ৰিয়দৰ্শন ডেকাৰ ভাগৱত পাঠ অনুষ্ঠিত হয়। নিচেই কম বয়সীয়া পাঠকগৰাকীৰ ভাগৱত পাঠে উপস্থিত দৰ্শক ৰাইজক মোহিত কৰাৰলগতে, ৰাইজ ভক্তি ৰসত বুৰ যোৱা দেখা যায়। উল্লেখযোগ্য যে শিল্পী অভিজিৎ বৰদলৈয়ে আঁতধৰা অনুষ্ঠানটিত গায়ন-বায়ন তথা শংকৰী কলা কৃষ্টিৰ সাধকলৈ সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।
Also Read: মেঘালয়ত ৭৭ লাখ টকাৰ চোৰাং সামগ্ৰী জব্দ...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us