Advertisment

বটদ্ৰৱা থানৰ পালি দেউৰী সন্ত ৰাম কলিতাৰ বিয়োগত শোক...

বটদ্ৰৱা থানৰ পালি দেউৰী সন্ত ৰাম কলিতাৰ যোৱা ২৫ জানুৱাৰী শনিবাৰে নিশা নিজ বাসগৃহত বিয়োগ ঘটে। ৭১ বছৰীয়া ভকত গৰাকীৰ বিগত ৬ মাহ ধৰি অসুস্থত হৈ আছিল।

author-image
Asomiya Pratidin
New Update
বটদ্ৰৱা থানৰ পালি দেউৰী সন্ত ৰাম কলিতাৰ বিয়োগত শোক...

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বটদ্ৰৱা থানৰ পালি দেউৰী সন্ত ৰাম কলিতাৰ যোৱা ২৫ জানুৱাৰী শনিবাৰে নিশা নিজ বাসগৃহত বিয়োগ ঘটে। ৭১ বছৰীয়া ভকত গৰাকীৰ বিগত ৬ মাহ ধৰি অসুস্থত হৈ থকাৰ হেতু নগাঁও আৰু গুৱাহাটীত চিকিৎসা গ্ৰহণ কৰি আছিল।

Advertisment

কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী(Central Industrial Security Force)ৰ পৰা ২০১৪ চনত অৱসৰ গ্ৰহণ কৰি সন্ত ৰাম কলিতাই সম্পূৰ্ণৰূপে বটদ্ৰৱা থানৰ লগত জড়িত হৈ পালি দেউৰী হিচাপে গুৰুসেৱাত ব্ৰতী হৈ পৰে। মৰমীয়াল, হাস্যমুখী, সৰবৰহী ভকত জনৰ বিয়োগত বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱ, আইমাতৃসকলে গভীৰ শোক প্ৰকাশ কৰিছে।

মৃত্যুৰ সময় তেওঁ পত্নী, এজন পুত্ৰ, এগৰাকী জীয়ৰী, জোৱাই, নাতি সহ বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়।

বটদ্ৰৱা