বটদ্ৰৱাৰ দৌলৰ বাটত ২০০ বছৰীয়া পৰম্পৰাক উজ্জিৱীত কৰি পালন জেঠৰ পূৰ্নিমাৰ বৰসবাহ

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান ঐতিহ্যমণ্ডিত বটদ্ৰৱাৰ দৌলৰ বাটত ২০০ বছৰীয়া পৰম্পৰাক উজ্জিৱীত কৰি আজি জেঠৰ পূৰ্নিমাৰ বৰসবাহ অনুষ্ঠিত হয়।

author-image
Asomiya Pratidin
New Update
বটদ্ৰৱাৰ দৌলৰ বাটত ২০০ বছৰীয়া পৰম্পৰাক উজ্জিৱীত কৰি পালন জেঠৰ পূৰ্নিমাৰ বৰসবাহ

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান ঐতিহ্যমণ্ডিত বটদ্ৰৱাৰ দৌলৰ বাটত ২০০ বছৰীয়া পৰম্পৰাক উজ্জিৱীত কৰি আজি জেঠৰ পূৰ্নিমাৰ বৰসবাহ অনুষ্ঠিত হয়। জানিব পৰা মতে, আজিৰ পৰা ২০০ বছৰৰ পূৰ্বে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত কলেৰা, হাইজা আদি মাৰি মৰকৰ পৰা পৰিত্ৰাণ পোৱাৰ মানসেৰে দৌল মন্দিৰলৈ বুলি নাম আগবঢ়াই বৌদ্ধ পূৰ্নিমাৰ পৰা জেঠৰ পূৰ্নিমালৈকে প্রতি সন্ধ্যা এমাহ জুৰি নাম ৰাখিছিল। 

Advertisment

সেই সময়ত বাৰিষাৰ কদৰ্যময় বোকা-পানী খচকি আৰু বাঘ ভালুকৰ ভয়ত নিশা দৌল মন্দিৰলৈ যোৱাৰ বাট পথ সুচল নথকাত গাঁৱৰ ৰাইজে দৌল মন্দিৰলৈ বুলি দৌলৰ বাটতে থকা বাটচ'ৰাত বহাগৰ পূৰ্নিমাৰ পৰা সম্পূৰ্ণ এটা মাহ নাম ৰাখি জেঠৰ পূৰ্নিমাত এই নামৰ সামৰণি মাৰিছিল। তাহানিৰ সেই পৰম্পৰাক উজ্জিৱিত কৰি প্রতিবছৰে শলগুৰি সত্ৰৰ ৰাইজে বৰসবাহ অনুষ্ঠিত কৰে। 

এই উপলক্ষে যোৱা এমাহজুৰি প্রতি সন্ধ্যা দৌলৰ বাটত দিহা নাম অনুষ্ঠিত কৰাৰ অন্তত আজি সামৰণি উপলক্ষে পুৱা আইসকলৰ নাম, দুপৰীয়া খোল প্রসংগৰ পাছত অনুষ্ঠিত হোৱা নাম প্রসংগৰ অন্তত প্ৰসাদ বিতৰণ কৰা হয়। ধৰ্মীয় পৰম্পৰাক আধাৰ কৰি উৎকট গৰমৰ প্ৰতিকূল বতৰকো নেউচি বটদ্ৰৱাৰ ৰাইজে দৌলৰ বাটৰ নাম প্ৰসঙ্গত অংশ গ্ৰহণ কৰি হৰিনাম কীৰ্তনৰে মুখৰিত কৰি তোলে।

বটদ্ৰৱা