বটদ্ৰৱা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ নিৰ্মালি প্ৰদান আনুষ্ঠান সম্পন্ন...

চাৰি মহাপুৰুষীয়া সত্ৰৰ অন্যতম নৰোৱা সত্রৰ দ্বাদশ সত্ৰাধিকাৰ হিচাপে অম্লানজ্যোতি দেৱগোস্বামীৰ ধূপ নিৰ্মালি প্ৰদান আৰু অভিষেক উৎসৱ অনুষ্ঠানটি আজি বটদ্ৰৱা থানত অনুষ্ঠিত হয়।

author-image
Asomiya Pratidin
New Update
বটদ্ৰৱা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ নিৰ্মালি প্ৰদান আনুষ্ঠান সম্পন্ন...

ডিজিটেলসংবাদ, বটদ্ৰৱাঃ শংকৰদেও গুৰুজনাৰ প্ৰ-পৌ পুত্ৰীৰ ৰক্ত প্ৰবাহিত চাৰি মহাপুৰুষীয়া সত্ৰৰ অন্যতম নৰোৱা সত্রৰ দ্বাদশ জনা সত্ৰাধিকাৰ হিচাপে অম্লানজ্যোতি দেৱগোস্বামীৰ ধূপ নিৰ্মালি প্ৰদান আৰু অভিষেক উৎসৱ অনুষ্ঠানটি আজি বটদ্ৰৱা থানত অনুষ্ঠিত হয়।

উল্লেখ্য যে, বিগত বৰ্ষৰ ২৩ মাৰ্চত নৰোৱা সত্রৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামীয়ে আকস্মিক ভাৱে মৃত্যুক সাৱটি লয়। তেখেতৰ স্থানত বৰপুত্ৰ উচ্চ শিক্ষিত যুৱক, শিল্পী অম্লানজ্যোতি দেৱগোস্বামীক সত্ৰখনৰ দ্বাদশ জনা সত্ৰাধিকাৰ হিচাপে সত্ৰাধিকাৰ নিৰ্মালি প্ৰদান কৰা হয়।

আজি নৰোৱা সত্রৰ বংশ পৰিয়াল, শিষ্য প্ৰশিষ্য, ভকত বৈষ্ণৱৰ উপস্থিতিত মংগল উৰুলি, হৰিধ্বনি, হৰ্ষধ্বনীৰে সত্ৰীয়া পৰম্পৰাৰে নিৰ্মালি প্ৰদান কৰে বটদ্ৰৱা শলগুৰি সত্ৰৰ সত্ৰাধিকাৰ যোগেন্দ্ৰ নাৰায়ণ দেৱ মহন্ত, নৰোৱা কুজি সত্ৰৰ সত্ৰাধিকাৰ নিত্যানন্দ দেৱ গোস্বামী, নতুন চামগুৰি সত্ৰৰ সত্ৰাধিকাৰ বাসুদেৱ মহন্ত, চুপহা সত্ৰৰ সত্ৰাধিকাৰ হিৰন্য মহন্ত, ভোগবাৰী দিঘলী সত্ৰৰ সত্ৰাধিকাৰ লীলা মহন্ত, কালশিলা সত্ৰৰ সত্ৰাধিকাৰ কুসুম কুমাৰ মহন্ত,  শুকদল সৰুবৰি সত্ৰৰ সত্ৰাধিকাৰ প্ৰদীপ মহন্তই।

সত্ৰাধিকাৰ অভিষেক অনুস্থানৰ আতঁ ধৰে নেত্ৰ কমল মহন্তই। লগতে এই সত্ৰভাগৰ ইতিবৃত্ত, ক্ৰমবিকাশ,  বংশ পৰম্পৰা ইত্যাদি সম্পৰ্কত তথ্যসহ বিৱৰণ ডাঙি ধৰে ভকত তৰুণ পাঠকে। ডেকা সত্ৰীয়া দিলীপ গোস্বামীয়ে শুভেচ্ছাৰে ভাষন প্ৰদান কৰে।

বটদ্ৰৱা