Advertisment

বটদ্ৰৱাৰ ২৫ শিক্ষাৰ্থীয়ে লাভ কৰিলে জাতীয় বিদ্যালয় ৰাজ্যিক বৃত্তি...

আজি ঘোষণা কৰা জাতীয় বিদ্যালয় ৰাজ্যিক বৃত্তি পৰীক্ষাৰ ফলাফলত জাতীয় বিদ্যালয় বটদ্ৰৱা জাতীয় বিদ্যালয়ৰ ২৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে বৃত্তি লাভ কৰিছে।

author-image
Asomiya Pratidin
New Update
বটদ্ৰৱাৰ ২৫ শিক্ষাৰ্থীয়ে লাভ কৰিলে জাতীয় বিদ্যালয় ৰাজ্যিক বৃত্তি...

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ আজি ঘোষণা কৰা জাতীয় বিদ্যালয় ৰাজ্যিক বৃত্তি পৰীক্ষাৰ ফলাফলত জাতীয় বিদ্যালয় বটদ্ৰৱাৰ ২৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে বৃত্তি লাভ কৰিছে। জাতীয় বিদ্যালয় ৰাজ্যিক বৃত্তি পৰীক্ষাৰ ফলাফলত জাতীয় বিদ্যালয় বটদ্ৰৱাৰ পৰা তৃতীয় শ্ৰেণীৰ ৬ জন, চতুৰ্থ শ্ৰেণীৰ ৪ জন,পঞ্চম শ্ৰেণীৰ ৩ জন, ষষ্ঠ শ্ৰেণীৰ ৩ জন, সপ্তম শ্ৰেণীৰ ২ জন, অষ্টম শ্ৰেণীৰ ১ জন আৰু দশম শ্ৰেণীৰ ৬ জন শিক্ষাৰ্থীৰ সৈতে সৰ্বমুঠ ২৫ জন ছাত্ৰ-ছাত্ৰীয়ে বৃত্তি লাভ কৰে।

Advertisment

জাতীয় বিদ্যালয়, বটদ্ৰৱাৰ অধ্যক্ষ দিলীপ বৰাই এই প্ৰসংগত বৃত্তি দিয়া সকলো ছাত্ৰ-ছাত্ৰীকে আন্তৰিক অভিনন্দন জনাইছে। তাৰোপৰি যিসকলে বৃত্তি লাভ কৰিছে সেই সকলৰ প্ৰচেষ্টাক শলাগ লয়। তেওঁ সকলো শিক্ষাৰ্থীকে এনে প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ আহ্বান জনাইছে। 

বটদ্ৰৱা