কৰ্মসূত্ৰে হায়দৰাবাদত থকা বটদ্ৰৱাৰ যুৱকৰ মৃত্যু

অতি কষ্টৰে ধন উপাৰ্জন কৰি থকা কুলেন বৰুৱাক কালি শোৱাপাটীতে মৃত অৱস্থাত প্ৰত্যক্ষ কৰে বন্ধু সকলে। লগে লগে আৰক্ষী, কোম্পানীৰ লোকক খবৰ দিয়াত মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

author-image
Asomiya Pratidin
New Update
xcvvxv

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ   কৰ্মসূত্ৰে হায়দৰাবাদত থকা বটদ্ৰৱা সৰুহিছা গাঁৱৰ এজন যুৱকৰ বৃহস্পতিবাৰে মৃত্যু হয়। কুলেন বৰুৱা নামৰ ৩২ বছৰীয়া যুৱক জনে বহিঃৰাজ্যত ব্যক্তিগত খণ্ডৰ নিয়োজিত হৈ আছিল।

Advertisment

অতি কষ্টৰে ধন উপাৰ্জন কৰি থকা কুলেন বৰুৱাক কালি শোৱাপাটীতে মৃত অৱস্থাত প্ৰত্যক্ষ কৰে বন্ধু সকলে। লগে লগে আৰক্ষী, কোম্পানীৰ লোকক খবৰ দিয়াত মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

 হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ সন্দেহ কৰিছে হায়দৰাবাদৰ বন্ধুবৰ্গই। ইফালে বটদ্ৰৱা সৰুহিছা গাঁৱৰ পৰিয়ালটিয়ে এই অনাকাংক্ষিত খবৰটো পাই শোকত ভাগি পৰে। আজি হায়দৰাবাদতে বন্ধুবৰ্গৰ সহযোগত কুলেন বৰুৱাৰ শেষকৃত্য সম্পন্ন কৰা হয়।

 অমায়িক, পৰোপকাৰী, শান্ত প্ৰকৃতিৰ যুৱকজন আকস্মিক মৃত্যুত বটদ্ৰৱাত শোকৰ ছাঁ পৰিছে। মৃত্যুৰ সময়ত যুৱকজনে মাতৃ, এজন জেষ্ঠ ভাতৃ, তিনিগৰাকী জেষ্ঠ ভগ্নী সহ বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়।

বটদ্রৱা