চকলাঘাট শাখা সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশন সম্পন্ন...

চকলাঘাট শাখা সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশন সম্পন্ন ভাষা-সংস্কৃতিলৈ অহা আগ্ৰাসনৰোধৰ আহ্বান

author-image
Asomiya Pratidin
New Update
চকলাঘাট শাখা সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশন সম্পন্ন...

ডিজিটেল সংবাদ, বটদ্ৰৱা: অসম সাহিত্য সভাৰ পাৰ হৈ যোৱা নাৰায়ণপুৰ অধিৱেশনত শ্ৰেষ্ঠ শাখাৰ সন্মান লাভ কৰা নগাঁও জিলা সাহিত্য সভাৰ অন্তৰ্গত চকলাঘাট শাখা সাহিত্য সভাৰ ২০২৩-২৫ বৰ্ষৰ নৱ নিৰ্বাচিত সমিতিখনক দেওবাৰে শাখা সাহিত্য সভাৰ দ্বি-বাৰ্ষিক সাধাৰণ সভাত আনুষ্ঠানিক ভাৱে দায়িত্ব অৰ্পণ কৰা হয় ৷

Advertisment

তদুপলক্ষে হাতীচোং সাহিত্য সভা সমাজ সাংস্কৃতিক সমিতিৰ প্ৰাংগনত পুৱা ৮-৪৫ বজাত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে শাখাৰ বিদায়ী সভাপতি তথা বিশিষ্ট শিশু সাহিত্যিক ত্ৰৈলোক্য ভট্টাচাৰ্যই। পতাকা উত্তোলন কৰি বিদায়ী সভাপতি গৰাকীয়ে সাম্প্ৰতিক সময়ত অসমীয়া ভাষা আৰু সাংস্কৃতিলৈ বিভিন্ন পক্ষৰ পৰা অহা কু-অভিপ্ৰায় আৰু আগ্ৰাসনক ৰোধ কৰিবৰ বাবে সকলোকে মাৰ বান্ধি ওলাই আহিবলৈ আহ্বান জনায়। ইয়াৰ পাছতে স্মৃতি তৰ্পন আগবঢ়াই প্ৰবীন শিল্পী দেৱ কুমাৰ বৰাই চকলাঘাট শাখা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি ৰোহিত চন্দ্ৰ বেজবৰুৱাৰ লগতে প্ৰয়াত কাণ্ডাৰীসকলৰ স্মৃতি চাৰণ কৰে আৰু বৃহত্তৰ চকলাঘাট অঞ্চলৰ গৌৰৱময় ইতিহাসৰ কথা সোঁৱৰণ কৰে।

অনুষ্ঠানটোত বিশিষ্ট নাট্যকাৰ গম্ভীৰ শইকীয়া, প্ৰবীন শিল্পী তথা চকলাঘাট ৰাস মন্দিৰৰ সভাপতি ক্ষিতেশ্বৰ বৰা, সম্পাদক অনন্ত শইকীয়া, হাতীচোং সাহিত্য সভা সমাজ সাংস্কৃতিক সমিতিৰ সম্পাদক জ্যোতিপ্ৰসাদ বৰা, প্ৰাক্তন সম্পাদক ৰঞ্জিত শইকীয়া, আজীৱন সদস্য মিলাৰাম বৰা, বিশিষ্ট সমাজকৰ্মী হৰেণ শইকীয়া, সোমেশ্বৰ বৰা , নীল বনিয়া, আজীৱন সভ্য তথা অধিবক্তা কুমুদ বেজবৰুৱা, যগেশ্বৰ বৰা, অশ্বিনী বৰা , বীনা শইকীয়া , ভানু মূদৈ কে ধৰি আজীৱন সভ্য , শাখা সাহিত্য সভাৰ বিষয়ববীয়া , সদস্য সদস্যা সকল উপস্থিত থাকে ৷

স্মৃতি চাৰণৰ সমাপ্তিত বিদায়ী সভাপতি ত্ৰৈলোক্য ভট্টাচাৰ্যৰ পৌৰোহিত্যত অনুষ্ঠিত দ্বি বাৰ্ষিক সাধাৰণ সভাত বিদায়ী সম্পাদক কল্যাণ কুমাৰ বৰাই দাখিল কৰা সম্পাদকীয় প্ৰতিবেদনৰ লগতে হিচাপ পৰীক্ষকৰ প্ৰতিবেদন সৰ্বসন্মতিক্ৰমে গ্ৰহন কৰে ৷ উক্ত সভাতে ২০২৩-২৫ বৰ্ষৰ বাবে উৎপল হাজৰিকাক সভাপতি , কল্যাণ কুমাৰ বৰাক উপসভাপতি আৰু গোবিন নাথক সম্পাদক হিচাপে চকলাঘাট শাখা সাহিত্য সভাৰ নতুন সমিতিখনক দায়িত্ব অৰ্পণ কৰা হয় ৷

উল্লেখ্য যে, সভাতে চকলাঘাট শাখা সাহিত্য সভাক “বিশেষ শাখা” সন্মান দিয়াৰ বাবে নগাঁও জিলা সাহিত্য সভাক আৰু শ্ৰেষ্ঠ শাখাৰ সন্মান দিয়া বাবে অসম সাহিত্য সভাক ধন্যবাদ জনায় সাধাৰণ সভাই দুটি প্ৰস্তাৱ গ্ৰহন কৰে।

Also Read: ওদালগুৰি জিলাত অনুষ্ঠিত কেবিনেট বৈঠকৰ সিদ্ধান্ত...

Batadrawa