/asomiyapratidin/media/media_files/2025/06/15/9I8IolOaQ1HP8uNnFQ2Q.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বটদ্ৰৱা বৰহিছা গাঁৱৰ বছেৰেকীয়া পালনাম উপলক্ষে আজি বৰহিছাৰ দৌলৰ বাটত হৰিনাম কীৰ্তনৰে মুখৰিত হৈ পৰে। জানিব পৰা মতে, প্ৰায় ৮৫ বছৰ পূৰ্বে বটদ্ৰৱাৰ ঐতিহ্যমণ্ডিত দৌল মন্দিৰলৈ উৎসৰ্গা কৰি বৰহিছা গাঁৱৰ তথা নৰোৱা সত্ৰৰ শিৱৰাম ভৰলী আতৈৰ তৎপৰতাত কেইগৰাকীমান ভকতে বৰহিছাৰ দৌলৰ বাটতে গোবিন্দ গোসাঁই মূৰ্তি স্থাপন কৰি এটি দৌল মন্দিৰ সাজিছিল।
পৰবৰ্তী কালত বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সম্পাদক কমল বৰাৰ তৎপৰতাত উক্ত দৌল মন্দিৰৰ পৰা গোবিন্দ গোসাঁই মূৰ্তিভাগ নি, মূল তথা গুৰু শংকৰ সৃষ্ট ঐতিহ্যমণ্ডিত দৌল মন্দিৰলৈ অৰ্পন কৰি এই বৰহিছা গাঁৱত স্থাপন কৰা দৌল মন্দিৰ ভাঙি পেলোৱা হৈছিল।
সেই ৮৫ বছৰ পূৰ্বৰ বৰহিছা গাঁৱৰ ভাঙি পেলোৱা দৌল মন্দিৰৰ স্থানতে প্ৰতি বছৰৰ দৰে এইবাৰো জেঠ মাহৰ পূৰ্নিমা তিথিৰ পৰা নাম ৰাখি আজি কৃষ্ণা চতুৰ্থী তিথি উপলক্ষে বৰহিছা গাঁৱৰ "গৰখীয়া সবাহ পালনাম" শীৰ্ষক ধৰ্মীয় অনুষ্ঠান অনুষ্ঠিত কৰা হয়।
৮৫ বছৰীয়া পৰম্পৰাৰে অনুষ্ঠিত গৰখীয়া সবাহ পালনাম শীৰ্ষক অনুষ্ঠান তদুপলক্ষে উক্ত দৌলৰ বাটৰ স্থানত আজি পুৱাৰে পৰা নামকীৰ্তনেৰে মুখৰিত হৈ পৰে। অঞ্চলৰ ভকত বৈষ্ণৱ, আইমাতৄ সকলৰ উপস্থিতিত অনুষ্ঠিত নামকীৰ্তনৰ অন্তত প্ৰসাদ ভোগ (দৈ, কল, ঘি, মৌ, চেনি আৰু ফলমূল আদি উপাদানৰ সংমিশ্ৰিত) বিতৰণ কৰা হয়।