শিঙিয়া দলনি সাৰ্বজনীন শ্ৰী শ্ৰী গোপাল কৃষ্ণ গৰখীয়া থানত কাতি বিহু উদযাপন

শিঙিয়া দলনি সাৰ্বজনীন শ্ৰী শ্ৰী গোপাল কৃষ্ণ গৰখীয়া থানত কাতি বিহু উদযাপন

author-image
Asomiya Pratidin
New Update
শিঙিয়া দলনি সাৰ্বজনীন শ্ৰী শ্ৰী গোপাল কৃষ্ণ গৰখীয়া থানত কাতি বিহু উদযাপন

ডিজিটেল সংবাদ,বটদ্ৰৱাঃ বটদ্ৰৱাৰ সমীপৱৰ্তী শিঙিয়া দলনি সাৰ্বজনীন শ্ৰী শ্ৰী গোপাল কৃষ্ণ গৰখীয়া থানত আজিৰে পৰা কাতি বিহু তিনিদিনীয়া কাৰ্য্যসূচীৰে আৰম্ভ হৈছে। আজি পতাকা উত্তোলন আৰু দুপৰীয়াৰ পৰা নাম প্ৰসঙ্গৰ পিছত বিয়লি বৃহত্তৰ অঞ্চলৰ হেজাৰ হেজাৰ ৰাইজৰ উপস্থিতিত পৰম্পৰাগত টেঙা খোৱা পৰ্ব অনুষ্ঠিত হয়।

সন্ধিয়া আকাশ বন্তি প্ৰজ্বলন কৰি কাতি বিহুৰ পৰম্পৰা ৰক্ষা কৰা হব। উল্লেখ্য যে, এই শিঙিয়া দলনি হাহচৰা পথাৰৰ শ্ৰী শ্ৰী গোপাল কৃষ্ণ গৰখীয়া থানৰ কাতি বিহুৰ পৰমপৰা শ শ বছৰ পুৰণি। পৰম্পৰা ৰক্ষা কৰি আজিও অঞ্চলৰ ভকত বৈষ্ণৱ, আইমাতৄ আৰু কৃষক সকলৰ উপস্থিতিত উখল-মাখল পৰিৱেশৰ সৃষ্টি কৰিছে। ইফালে গৰখীয়া থানৰ নৈসৰ্গিক পৰিবেশত কাইলৈৰ পৰা অখণ্ড ভাগৱত পাঠ অনুষ্ঠিত হব। এই ভাগৱত পাঠ ২০ অক্টোবৰত সামৰণি পৰিব।

BATADRAWA KATI BIHU