/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/dc561915-93d1-417d-af8d-d121a21497f5/Dhatri.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱা : ১২ মে’ দিনটো বিশ্ববিখ্যাত ধাত্ৰী ফ্লোৰেন্স নাইটিংগেলৰ জন্ম দিৱস। এই স্মৰণীয় পালন কৰি ফ্লোৰেন্স নাইটিংগেলৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে সমগ্ৰ বিশ্বৰ ধাত্ৰীসকলে ৰোগীসকলৰ প্ৰতি আগবঢ়োৱা আন্তৰিক সেৱাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি হয় পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় ধাত্ৰী দিৱস’। বিশ্বৰ লগতে শুকুৰবাৰে নগাঁও জিলাৰ বটদ্ৰৱা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত দিনযোৰা কাৰ্যসূচীৰে আন্তঃৰাষ্ট্ৰীয় ধাত্ৰী দিৱস পালন কৰা হয়।
তদুপলক্ষে পুৱা বটদ্ৰৱা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চৌহদত অনুুষ্ঠিত অনুষ্ঠানত ফ্লোৰেন্স নাইটিংগেলৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে চিকিৎসক আৰু স্বাস্থ্য বিষয়া ডা০ নয়ন জ্যোতি শইকীয়াই। তাৰ পাছতে স্বাস্থ্য কৰ্মী প্ৰসন্ন শইকীয়াই আঁত ধৰা সভাত নিমন্ত্ৰিত অতিথি ৰূপে অংশ গ্ৰহণ কৰি ধিং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ খণ্ড প্ৰকল্প প্ৰৱন্ধক আবু খায়েৰে আন্তঃৰাষ্ট্ৰীয় ধাত্ৰী দিৱসৰ তাৎপৰ্য বিশ্লেষণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/70c0a410-9f60-4c57-b5fd-1d60f595a6fa/WhatsApp_Image_2023_05_12_at_9_56_27_PM__1_.jpeg)
খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সহকাৰী খণ্ড প্ৰকল্প প্ৰৱন্ধক ধ্ৰুৱজ্যোতি শৰ্মা, অৱসৰপ্ৰাপ্ত ধাত্ৰী মালতী বৰুৱাৰ লগতে বটদ্ৰৱা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত উপ স্বাস্থ্য কেন্দ্ৰ সমূহৰ সকলো ধাত্ৰী আৰু স্বাস্থ্য কৰ্মী সকলৰ উপস্থিতিত অনুুষ্ঠিত অনুষ্ঠানটিত ধাত্ৰী গুণ শইকীয়াই কবিতা আবৃত্তি, ধাত্ৰী পৰীস্মিতা দাস, গীতিকা বৰা, তৰুণী দাসে নৃত্য পৰিৱেশন কৰে।
Also Read: ইমান সোনকালে অসমীয়াই তেওঁক পাহৰিব পাৰেনে !