বটদ্ৰৱাৰ চৰকাৰী ভূমিত বেদখলঃ সৰব সত্ৰাধিকাৰ

নগাঁও জিলাৰ বটদ্ৰৱাত উচ্ছেদিত ভূমিত পুনৰ নিশাটোৰ ভিতৰতে দুষ্কৃতিকাৰীয়ে সাজিছে দোকান-ঘৰ

author-image
Asomiya Pratidin
New Update
বটদ্ৰৱাৰ চৰকাৰী ভূমিত বেদখলঃ সৰব সত্ৰাধিকাৰ

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱাত উচ্ছেদিত ভূমিত পুনৰ নিশাটোৰ ভিতৰতে দুষ্কৃতিকাৰীয়ে সাজিছে দোকান-ঘৰ। কিন্তু কুম্ভকৰ্ণ নিদ্রাত নগাঁও আৰক্ষী প্ৰশাসন তথা ধিং ৰাজহ চক্ৰ বিষয়া। চৰকাৰে বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ হোৱাৰ পিছতো বটদ্ৰৱাৰ উচ্ছেদিত ভূমিত ধাৰাবাহিকভাৱে পুনৰ বেদখলকাৰীয়ে আৰম্ভ কৰিছে ভূমি বেদখল।

Advertisment

উল্লেখ্য যে, ২০২২ বৰ্ষৰ ১৯ ডিচেম্বৰত নগাঁও জিলা প্ৰশাসনে বটদ্ৰৱাত চলাইছিল বৃহৎ উচ্ছেদ অভিযান। উচ্ছেদ অভিযানত বটদ্ৰৱাৰ ৪টাকৈ স্থানত মুঠ ৯৮৫ বিঘা চৰকাৰী ভূমি বেদখল মুক্ত কৰিছিল। বেদখলকৃত ভূমিত উচ্ছেদ অভিযান চলায়ে দায়িত্ব সামৰিলে নগাঁও জিলা প্ৰশাসনে। যাৰ বাবে প্ৰশাসনে উচ্ছেদ চলোৱা ভূমিত এতিয়া পুনৰ ভূমি বেদখলৰ প্ৰতিযোগিতাত নামিছে। নগাঁও জিলা প্ৰশাসনে বটদ্ৰৱাৰ হাইডুবি কৃষি বীজফাৰ্ম, শান্তিজান বজাৰ, ভোমোৰাগুৰি লালুংগাঁও, জামাই বস্তি আৰু বৰহিছা কিচামতৰ ভূমিত উচ্ছেদ অভিযান চলাইছিল। পৰৱৰ্তীকালত জুন মাহত শান্তিজান বজাৰত বেদখল চলোৱা পাছত এইবাৰ নগাঁও-বটদ্ৰৱা-ধিং সংযোগী গড়কাপ্তানি পথৰ কাষতে থকা বৰহিছা কিচামতৰ ১ নং দাগৰ ভূমিত পুনৰ ঘৰ সাজে বেদখলকাৰীয়ে।

ইফালে বটদ্ৰৱাৰ এই ধাৰাবাহিক বেদখল সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বটদ্ৰৱা নৰোৱা সত্রৰ সত্রাধিকাৰ দেৱানন্দ দেৱ গোস্বামীয়ে চৰকাৰ, প্ৰশাসন আৰু ৰাজহ চক্ৰ বিভাগক সমালোচনা কৰি "বটদ্ৰৱাত নিতৌ ঘটি থকা বেদখল সন্দৰ্ভত, অকল সত্ৰাধিকাৰে কিয় মাতিব লাগে, চৰকাৰ ৰাজহ বিভাগৰ কোনো দ্বায়িত্ব নাই নেকি? তেওঁলোকে বেদখল সন্দৰ্ভত তীক্ষ্ণ দৃষ্টি ৰাখিব লাগে" বুলি সকিয়াই দিয়ে। লগতে স্থানীয় সচেতন মহলেও চৰকাৰৰ উদ্যোগত ২০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হৈ থকা বটদ্ৰৱা প্ৰকল্পৰ সমীপতে বটদ্ৰৱা এনেকৈ পুনৰ বেদখল হৈ থাকিলে গুৰুজনাৰ জন্মস্থান অস্তিত্বৰ সংকটত পৰিব বুলি আশংকা প্ৰকাশ কৰি, মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী তুলে।

Also Read: গোলাঘাটত ছুপাৰী ছিণ্ডিকেটৰ মাফিয়াৰ ঘৰত তালাচী...

GOVT OF ASSAM satra