বটদ্ৰৱা বৰভেটি গাঁৱত ৰঙালী বিহু উৎসৱ আৰম্ভ...

বটদ্ৰৱা বৰভেটিত শণিবাৰৰে পৰা দুদিনীয়াকৈ ৰঙালী বিহু উৎসৱ আয়োজন কৰা হয়।

author-image
Asomiya Pratidin
New Update
বটদ্ৰৱা বৰভেটি গাঁৱত ৰঙালী বিহু উৎসৱ আৰম্ভ...

ডিজিটেল সংবাদ, বটদ্ৰৱা : বটদ্ৰৱা বৰভেটি শ্ৰীশ্ৰী মাধৱদেৱ পুথিভঁৰাল পৰিচালনা সমিতিৰ উদ্যোগত, বৰভেটি গাঁৱৰ যুৱক যুৱতী সকলৰ সহযোগত শণিবাৰৰে পৰা দুদিনীয়াকৈ ৰঙালী বিহু উৎসৱ আয়োজন কৰা হয়। শণিবাৰৰ পুৱা পতাকা উত্তোলন, বন্তি প্ৰজ্বলন আদি বিভিন্ন কাৰ্যসূচীৰ পাছত বিয়লি ৩ বজাত চিত্ৰাংকন প্ৰতিযোগিতা আৰু ৫ বজাত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়।

Advertisment

সাংবাদিক দিব্যজ্যোতি বৰুৱাই পৰিচালনা কৰা ডিজিটেল মাধ্যমৰ অসমীয়া সংস্কৃতি বিষয়ক কুইজ প্ৰতিযোগিতা খনিত প্ৰথম স্থান লাভ কৰে মধুস্মিতা শইকীয়া, দ্বিতীয় স্থান লাভ কৰে শিৱ ৰঞ্জন বৰুৱা আৰু তৃতীয় স্থান লাভ কৰে প্ৰিয়ম্বদা কাশ্যপে। উল্লেখ্য যে, নিশা ৮ বজাৰ পৰা স্থানীয় শিল্পীবৃন্দৰ গীত নৃত্যৰ অনুষ্ঠান অনুষ্ঠিত হয়। আনহাতে ২৩ এপ্ৰিলৰ বিয়লি ২ বজাত বঁটা বিতৰণী সভা, ৫ বজাত জেং বিহু আৰু নিশা আমন্ত্ৰিত শিল্পীৰ দ্বাৰা বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হব।

Also Read: চচল শতদল শাখা সাহিত্য সভাৰ কাৰ্যালয়ত
প্ৰয়াত ৰূপেশ্বৰ পাটৰৰ স্মৃতি চাৰণ সভা...

Batadrawa