/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/30230f9b-7b6a-4dc7-bf1a-8ce23cf95908/18.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱা বৰহিছা গাঁও নিৱাসী তথা বটদ্ৰৱা সতী ৰাধিকা ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ কম্পিউটাৰ শিক্ষয়িত্ৰী মৌচুমী শইকীয়াৰ আজি গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত মৃত্যু হয়। ৪১ বছৰীয়া মৌচুমী শইকীয়া বিগত চাৰি বছৰ ধৰি বৃক্কৰ ৰোগত আক্ৰান্ত হৈ আছিল।
যোৱা নিশা গুৰুত্বৰভাৱে অসুস্থ হৈ ঢলি পৰাত স্বামীয়ে চিকিৎসাৰ বাবে নগাঁও আৰু পৰবৰ্তী সময়ত গুৱাহাটী হেল্থ চিটি হস্পিতালতত ভৰ্তি কৰাই যদিও চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু হয়। অমায়িক, মৰমীয়াল, মৃদুভাষী, হাস্যমুখী মৌচুমী বৰাৰ অকাল বিয়োগত বিভিন্ন জনে শোক প্ৰকাশ কৰিছে। মৃত্যুৰ সময়ত তেওঁ স্বামী কাব্য জ্যোতি বৰা, একমাত্ৰ জীয়ৰী সহ বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়।