শ্ৰী শ্ৰী নৰোৱা কুজিসত্ৰৰ ৩৭৫ বছৰীয়া প্ৰতিষ্ঠা দিৱস উদযাপনৰ বাবে সমিতি গঠন

শ্ৰী শ্ৰী নৰোৱা কুজিসত্ৰৰ ৩৭৫ বছৰীয়া প্ৰতিষ্ঠা দিৱস উদযাপনৰ বাবে সমিতি গঠন

author-image
Asomiya Pratidin
New Update
শ্ৰী শ্ৰী নৰোৱা কুজিসত্ৰৰ ৩৭৫ বছৰীয়া প্ৰতিষ্ঠা দিৱস উদযাপনৰ বাবে সমিতি গঠন

ডিজিটেল সংবাদ, বটদ্ৰৱা: ৩৭৪ বছৰীয়া গৌৰৱোজ্বল ইতিহাস গৰকি ৩৭৫ বছৰত ভৰি দিলে গুৰু জনাৰ জন্ম স্থান পুনৰ উদ্ধাৰ কৰিবলৈ ভাটিৰ পৰা অহা গুৰু জনাৰ ভাগিন নাতি দামোদৰ আতাৰ দ্বাৰা প্ৰতিষ্ঠাপিত শ্ৰী শ্ৰী নৰোৱা কুজিসত্ৰই। অহা ১৭ এপ্ৰিল (৪ ব'হাগ) বুধবাৰৰ পৰা ২১ এপ্ৰিল (০৯ ব'হাগ) দেওবাৰলৈ মুঠ পাচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সত্ৰৰ ৩৭৫ বছৰীয়া প্ৰতিষ্ঠা দিৱস উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

Advertisment

তদুপলক্ষে দেওবাৰে সত্ৰৰ বাটচ'ৰাত এখন সভা অনুষ্ঠিত কৰা হয়। সভাত ৩৭৫ বছৰীয়া প্ৰতিষ্ঠা দিৱস উদযাপনৰ বাবে ৰাজু বৰুৱাক সভাপতি, ৰঞ্জন কুমাৰ গোস্বামীক সম্পাদক, মনোৰঞ্জন গোস্বামী, প্ৰৱীৰ শইকীয়া, প্ৰভাত চন্দ্ৰ গোস্বামী ,ভাৰ্গৱ মনি দেৱ গোস্বামী ,বেদব্ৰত বৰুৱাক লৈ সাংস্কৃতিক সমিতি, সত্যব্ৰত দেৱ গোস্বামী, জিতুল কলিতা, ভাস্কৰ বৰুৱা , নৱজ্যোতি কাকতি, প্ৰাচুৰ্যপ্ৰান হাজৰিকা, তপন হাজৰিকাক লৈ কলা আৰু মণ্ডপ সমিতি, জান্টুমনি বৰুৱা, যুগল কিশোৰ বৰুৱা, নিবাস বৰুৱাক, লৈ প্ৰচাৰ সমিতি, জ্যোতিপ্ৰসাদ বড়া , নিত্যানন্দ হাজৰিকা, বিকাশ বৰুৱা, দুলেন বড়া, বিদ্যুত বিকাশ বৰুৱাক লৈ খাদ্য সমিতি, দিগন্ত বৰুৱা, নিলোৎপল হাজৰিকা, ভাৰ্গৱ বৰুৱা ,পিঞ্জুল বৰুৱা ,নিলোৎপল হাজৰিকা, প্ৰাঞ্জল শইকীয়া, সমীৰ শইকীয়া, বিপুল বৰুৱা, পৰাগমনি কেওঁট, কিশোৰ কলিতা দেৱাশীশ বৰুৱা ,অনুপম হাজৰিকা ,পৰশমনি বৰুৱা ,অনুপম ৰাজা, পৰশমনি দত্ত, পংকজ বৰুৱা ,লক্ষীপ্ৰসাদ হাজৰিকা, প্ৰাঞ্জল কাকতিক সদস্য হিচাপে লৈ এখন কাৰ্যকুশল সমিতি গঠণ কৰা হয়।

আজিৰ সভাত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু অসম বিধান সভাৰ কেবিনেট মন্ত্ৰী সকলক প্ৰতিষ্ঠা দিৱসলৈ আমন্ত্ৰণ জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

Also Read: হাওৰাঘাটৰ আমনি গাঁৱত মাঘী পূৰ্ণিমা পাৰ্বনৰ ব্যাপক প্ৰস্তুতি