আইমাতৃ অকন লস্কৰৰ বিয়োগ...

আইমাতৃ অকন লস্কৰৰ বিয়োগ...

author-image
Asomiya Pratidin
New Update
আইমাতৃ অকন লস্কৰৰ বিয়োগ...

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ কামপুৰ চৰাই হাগী গাঁও নিৱাসী সৰবৰহী আইমাতৃ অকন লস্কৰৰ দেওবাৰে বাৰ্ধক্যজনিত কাৰণত বিয়োগ হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৫ বছৰ। বটদ্ৰৱা থানৰ বৰমেধি হলিৰাম মেধিৰ মাজু জীয়ৰী অকন লস্কৰ ষাঠিৰ দশকত কামপুৰৰ বিশিষ্ট সমাজকৰ্মী গোবিন লস্কৰৰ লগত বিবাহপাশত আৱদ্ধ হৈছিল।

সৰল মনৰ, মৰমীয়াল, ধৰ্মপ্ৰাণ আইমাতৃ গৰাকীৰ বিয়োগত কামপুৰ আৰু বটদ্ৰৱা অঞ্চলৰ বিভিন্নজন শোক প্ৰকাশ কৰিছে। মৃত্যুৰ সময়ত অকন লস্কৰে পুত্ৰ দীপমনি লস্কৰ, বোৱাৰী, জীয়ৰী, জোৱাই, নাতি নাতিনী সহ বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়।

batadrava