জাজৰি উচ্চতৰ মাধ্যমিক আৰ্দশ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ...

৮০ বছৰীয়া ঐতিহ্যমণ্ডিত জাজৰি উচ্চতৰ মাধ্যমিক আৰ্দশ বিদ্যালয়ত উখল-মাখল পৰিৱেশ...

author-image
Asomiya Pratidin
New Update
জাজৰি উচ্চতৰ মাধ্যমিক আৰ্দশ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ...

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ আজিৰে পৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে নগাঁও জিলাৰ অগ্ৰণী শিক্ষানুষ্ঠান জাজৰি উচ্চতৰ মাধ্যমিক আদৰ্শ বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ অনুষ্ঠিত হৈছে। ১৯৪৪ চনতেই স্থাপন হোৱা তথা প্ৰজন্মৰ পিছত প্ৰজন্মই শৈক্ষিক দিশত উত্তৰণ ঘটাই সমাজৰ বিভিন্ন ক্ষেত্ৰত অৰিহণা দি অহা বিদ্যালয়খনত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, বৰ্তমানৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী,অৱসৰপ্ৰাপ্ত শিক্ষক-শিক্ষয়িত্ৰী, অতিথি সকলৰ উপস্থিতিত উখল-মাখল পৰিৱেশৰ সৃষ্টি হৈছে।

Advertisment
  User
User

কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলনৰ পাছত বিশাল সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হয়। এই শোভাযাত্ৰাৰ শুভাৰম্ভ কৰে বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা তথা কন্ঠ শিল্পী অঞ্জলি কটকীয়ে। শোভাযাত্ৰাত অংশ গ্ৰহণ কৰে জনপ্ৰিয় অভিনেতা দীপজ্যোতি কেওট আৰু কিংকিনি ভটাচায্যই।

  User
User

উল্লেখ্যযোগ্য যে, কাইলৈ পুৱাৰ ভাগত আয়োজন কৰা হৈছে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ আলোচনা চক্ৰ "প্ৰজন্মৰ পৰা প্ৰজন্মলৈ যুৱ মানসিকতা আৰু সামাজিক দায়বদ্ধতা"। ইয়াৰোপৰি দুপৰীয়া মুকলি কুইজৰ অনুষ্ঠিত কৰা হ'ব বুলি আয়োজকে জানিব দিয়ে।

Also Read: নুমলীগড়ত ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত কেইবা লাখ টকাৰ সামগ্ৰী ভস্মীভূত...

Jajori HS School batadraba