বটদ্ৰৱা দাস গাঁও নামঘৰৰ বাৰ্ষিক সেৱা

বটদ্ৰৱা দাস গাঁও নামঘৰৰ বাৰ্ষিক সেৱা

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বটদ্ৰৱা দাস গাঁও নামঘৰৰ বাৰ্ষিক সেৱা দেওবাৰৰ পৰা আৰম্ভ হয়। দাস গাঁও নামঘৰৰ বাৰ্ষিক সেৱা উপলক্ষে দেওবাৰে নিশা ১০ বজাত নাম কীৰ্তনৰ পাছত ভাগৱত প্ৰতিষ্ঠা কৰা হয়।

লগে লগে ভাগৱত পাঠ আৰম্ভ কৰে সদৌ অসম আদি পন্থা সমাজৰ মূল আচাৰ্য সোমেন্দ্ৰ দাসে। অঞ্চলৰ শতাধিক ভকত বৈষ্ণৱ উপস্থিত উৰে নিশা ভাগৱত পাঠ চলাৰ অন্তত সোমবাৰে পুৱা সামৰণি পৰে।

সোমবাৰে দুপৰীয়া নাম প্ৰসঙ্গৰ মাজেৰে বাৰ্ষিক সেৱা সামৰণি পৰিব। বটদ্ৰৱা দাস গাঁও নামঘৰৰ বাৰ্ষিক সেৱাত আদি পন্থা সমাজৰ পাঠক কুলেন দাস, দাস গাঁও নামঘৰৰ পৰিচালনা সমিতিৰ সভাপতি সাধিৰাম দাস, সম্পাদক গনেশ দাসকে আদি কৰি শতাধিক ভকত বৈষ্ণৱ উপস্থিত থাকে।

বটদ্ৰৱা দাস গাঁও নামঘৰৰ বাৰ্ষিক সেৱা
লোকসভা নিৰ্বাচন : পঞ্চম পৰ্যায়ত কোন সমষ্টিৰ পৰা কোন কোন হাইপ্ৰফাইল প্ৰাৰ্থী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in