বঢ়মপুৰ সমজিলাৰ আয়ুক্তৰ কাৰ্যালয় মধ্যস্থলত পাতকঃ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ...

বঢ়মপুৰ কেন্দ্ৰীয় সম জিলা নাগৰিক সমন্বয়ৰক্ষী সমিতিৰ সহযোগত সমজিলাৰ সদৰ আয়ুক্তৰ কাৰ্যলয় সমষ্টিৰ মধ্যস্থলত স্থাপনৰ দাবীত ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
বঢ়মপুৰ সমজিলাৰ আয়ুক্তৰ কাৰ্যলয় মধ্যস্থলত পাতকঃ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ...

ডিজিটেল সংবাদ নগাঁওঃ প্ৰশাসনিক ব্যৱস্থাটোক জনসাধাৰণে ওচৰৰ পৰা পাবৰ বাবে চৰকাৰে যি সমজিলা ঘোষণা কৰিছিল তাত বঢ়মপুৰ সমষ্টিৰ সমজিলাৰ নাম ঘোষণা কৰা নাই যদিও তাৰ বিপৰীতে সমষ্টিৰ কিছু কাম-কাজ কামপুৰৰ পৰা হোৱা দৃষ্টিগোচৰ হৈছে। তাৰে প্ৰতিবাদত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ পুৰণিগুদাম আঞ্চলিক সমিতিৰ উদ্যোগত বঢ়মপুৰ কেন্দ্ৰীয় সম জিলা নাগৰিক সমন্বয়ৰক্ষী সমিতিৰ সহযোগত সমজিলাৰ সদৰ আয়ুক্তৰ কাৰ্যলয় সমষ্টিৰ মধ্যস্থলত স্থাপনৰ দাবীত আজি দিনৰ ১০ বজাৰ পৰা ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

Advertisment

আজি অনুষ্ঠিত অৱস্থান ধৰ্মঘট কাৰ্যসূচীত উপস্থিত থাকে বঢ়মপুৰ কেন্দ্ৰীয় সমন্বয়ৰক্ষী সমিতিৰ সভাপতি ভৰত দাস, যুটীয়া সম্পাদক মৃদুল কলিতা, প্ৰদীপ শইকীয়া,অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ,নগাঁও জিলা সমিতিৰ সভাপতি প্ৰবাল শৰ্মা,উপ-সভাপতি চন্দন ফুকন,সাধাৰণ সম্পাদক হেমন্ত দাস,যুটীয়া সম্পাদক দিব্যজিত হাজৰিকা,সাংগঠনিক সম্পাদক ওৱাছিফ আলম, কাৰ্যনিৰ্বাহক সদস্য অজয় জোতি বৰুৱাৰ লগতে পুৰণিগুদাম আঞ্চলিক সমিতিৰ সভাপতি প্ৰাণকৃষ্ণ ডেকা আৰু সাধাৰণ সম্পাদক মাহমদুৰ ৰহমান লগতে চামগুৰি উচ্চতৰ মাধ্যমিকৰ প্ৰাক্তন অধ্যক্ষ দুৰ্লভ মহন্ত,জ্যেষ্ঠ চিকিৎসক ডাঃ ধীৰেন বৰকাকতি,চামগুৰি শাখা সাহিত্য সভাৰ সভাপতি অতুল নাথ,কলং কলা কেন্দ্ৰৰ সম্পাদক চিত্তৰঞ্জন বৰা,পুৰণিগুদামৰ জ্যেষ্ঠ নাগৰিক প্ৰবীন বৈৰাগী,মাণিক চন্দ্ৰ গায়ন, দেবজিত বৰা, তিলক  গায়ন,জগমোহন শৰ্মা,জ্যোতিময় গোস্বামী,নিৰ্মল ভুঞা,অলক বৰা,দিলীপ গায়ন,হৰেন গোস্বামী আদিকে ধৰি অঞ্চলৰ বহু নাগৰিকে অংশগ্ৰহণ কৰে।

এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ অন্তত চামগুৰি ৰাজহ চক্ৰ বিষয়াগৰাকীৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ এখনি স্মাৰকপত্ৰ প্ৰেৰণ কৰা হয়।

বঢ়মপুৰ