বঢ়মপুৰত নগাঁও জিলা মুক্তি যুঁজাৰু সন্মিলনৰ সদ্ভাৱনা বৈঠক...

ঐতিহ্যমণ্ডিত বঢ়মপুৰৰ ২নং আদৰ্শ গাঁৱত নগাঁও জিলা মুক্তি যুঁজাৰু সন্মিলনৰ সদস্য একত্ৰিতহৈ অনুষ্ঠিত কৰিলে সদ্ভাৱনা বৈঠক

author-image
Asomiya Pratidin
New Update
বঢ়মপুৰত নগাঁও জিলা মুক্তি যুঁজাৰু সন্মিলনৰ সদ্ভাৱনা বৈঠক...

ডিজিটেল সংবাদ, বঢ়মপুৰ : ঐতিহ্যমণ্ডিত বঢ়মপুৰৰ ২নং আদৰ্শ গাঁৱত নগাঁও জিলা মুক্তি যুঁজাৰু সন্মিলনৰ একাংশ সক্ৰিয় সদস্য একত্ৰিতহৈ অনুষ্ঠিত কৰিলে এক সদ্ভাৱনা বৈঠক ৷ ২নং আদৰ্শ গাঁৱৰ নিবাসী মুক্তি যুঁজাৰু পৰিয়ালৰ সদস্য বলিন বৰাৰ কৃষি পামত মুক্তিযোদ্ধা পৰিয়ালৰ সদস্য তথা নগাঁও জিলা মুক্তি যুঁজাৰু সন্মিলনৰ কাৰ্যকৰী সমিতিৰ একাংশ সদস্য সন্মিলিত হৈ অনুষ্ঠিত কৰে সদ্ভাৱনা বৈঠক আৰু প্ৰীতি ভোজ ।

Advertisment

যি সকল লোকৰ আত্ম বলিদান আৰু ত্যাগৰ বিনিময়ত দেশে স্বাধীনতা লাভ কৰিলে, সেই সকল মুক্তি যুঁজাৰু পৰিয়ালৰ সদস্য আজি বিভিন্ন প্ৰকাৰে অৱহেলিত ৷ জীৱন জীৱিকাৰ তাড়নাত কৰিব লগা হৈছে কঠোৰৰ পৰা কঠোৰতম শ্ৰম ৷ বঢ়মপুৰৰ মুক্তিযুঁজাৰু পৰিয়ালৰ এগৰাকী সদস্যই বহু কষ্টৰে এডোখৰ চৰকাৰী ভূমিত গঢ়ি তুলিছে এখন কৃষি পাম ৷

কৃষি কৰ্মৰে পৰিয়ালৰ পোহপাল দিয়া বলিন বৰা নামৰ সন্মিলনৰ সতীৰ্থগৰাকীক উৎসাহিত কৰিবলৈকে নৱনিৰ্বাচিত নগাঁও জিলা মুক্তি যুঁজাৰু সন্মিলনৰ কাৰ্যকৰী সমিতিখনে পামখনত অনুষ্ঠিত কৰে এক সদ্ভাৱনা বৈঠক আৰু প্ৰীতিভোজৰ ৷ সন্মিলনৰ সভাপতি মুক্তিযোদ্ধা যতীন্দ্ৰ নাথ হাজৰিকা প্ৰমুখ্য সন্মিলনৰ সদস্য সকলে চৰকাৰক মুক্তি যুঁজাৰু পৰিয়ালৰ সদস্য সকলৰ ক্ষেত্ৰত এক যোগাত্মক সঁহাৰি দিবলৈ আহ্বান জনায় ৷

Also Read: "মা" লৈ কিমান হেঁপাহ!...

barhampur