বঢ়মপুৰ সমষ্টিৰ গাৰুখুন্দাত জিকিও হাৰিল ৱাৰ্ড সদস্যা স্বপ্না দেৱীঃ পুনৰ ভোট গণনাৰ দাবী

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গণনাত ১০০ ভোটৰ ব্যৱধানত জয়ী বুলি ঘোষিত বঢ়মপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত এগৰাকী প্ৰাৰ্থীয়ে লাভ নকৰিলে জয় হোৱাৰ প্ৰমাণ পত্ৰ।

author-image
Tushar Pratim
New Update
বঢ়মপুৰ সমষ্টিৰ গাৰুখুন্দাত জিকিও হাৰিল ৱাৰ্ড সদস্যা স্বপ্না দেৱীঃ পুনৰ ভোট গণনাৰ দাবী


ডিজিটেল সংবাদ কামপুৰঃ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গণনাত ১০০ ভোটৰ ব্যৱধানত জয়ী বুলি ঘোষিত বঢ়মপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত এগৰাকী প্ৰাৰ্থীয়ে লাভ নকৰিলে জয় হোৱাৰ প্ৰমাণ পত্ৰ। বিধানসভা সমষ্টিটোৰ অন্তৰ্গত যমুনামুখ জিলা পৰিষদৰ ১১ নং গাৰুখুন্দা গাওঁ পঞ্চায়তৰ ৯ নং ৱাৰ্ডত স্বপ্না দেৱী আৰু মামনী হাজৰিকাই প্ৰতিদ্বন্দিতা আগবঢ়াইছিল। 

Advertisment

যোৱা ১১ তাৰিখে নিশা নগাঁও চৰকাৰী বালক বিদ্যালয়ত পঞ্চায়তটোৰ ভোটগণনা সম্পন্ন হয়। ভোটগণনাত স্বপ্না দেৱীয়ে ২৯১ টা ভোট লাভ কৰাৰ বিপৰীতে মামনী হাজৰিকাই ১৯১ টা ভোট লাভ কৰে আৰু স্বপ্না দেৱী ১০০ ভোটৰ ব্যৱধানত জয়ী হয়।

স্বপ্না দেৱীয়ে জয়লাভ কৰাৰ পাছত উক্ত ভোটগণনাৰ নিশা বিজয় হোৱাৰ প্ৰমাণ পত্ৰ বিচাৰিছিল যদিও পৰৱৰ্তী সময়ত উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ জৰিয়তে দিয়া হ’ব বুলি সংশ্লিষ্ট বিষয়াই তেওঁক অৱগত কৰিছিল। কিন্তু সোমবাৰে বিভাগীয় লোকে বিজয়ী স্বপ্না দেৱীৰ বিপৰীতে পৰাজিত মামনী হাজৰিকাক বিজয়ৰ প্ৰমাণ পত্ৰ প্ৰদান কৰাত প্ৰাৰ্থী স্বপ্না দেৱীৰ লগতে তেওঁৰ সমৰ্থকসকল ক্ষুণ্ণ হৈ পৰিছে। 

জয় লাভ কৰিও পৰাজিত হ’বলগা হ'ল স্বপ্না দেৱী। তেওঁ জয়ৰ ৰং ৰহইচত মগন হোৱাৰ পৰিৱৰ্তে এতিয়া শোকত ভাঙি পৰা পৰিলক্ষিত হৈছে। ভোটগণনাৰ নিশা উপস্থিত থকা প্ৰাৰ্থী, কাউন্টিং এজেন্টৰ সন্মুখত স্বপ্না দেৱীয়ে ১০০ ভোটাৰ ব্যৱধানত জয়লাভ কৰাৰ পাছতো কাৰ গাফিলতিৰ বাবে পৰাজিত প্ৰাৰ্থীগৰাকীয়ে জয়ৰ প্ৰমাণ পত্ৰ লাভ কৰিলে বুলি ক্ষোভিত ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে। 

স্বপ্না দেৱী আৰু তেওঁৰ সমৰ্থকসকলে আজি নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ আয়ুক্তগৰাকীক সমগ্ৰ বিষয়টো অৱগত কৰি ৱাৰ্ডটোৰ বাবে পুনৰ ভোটগণনা অনুষ্ঠিত কৰিবলৈ অনুৰোধ জনাইছে। 

পঞ্চায়ত নিৰ্বাচন বঢ়মপুৰ