নগাঁও শংকৰ মিশ্যনত বিবাহ উপযুক্ত পাত্ৰ-পাত্ৰীৰ বিশেষ সভা...

নগাঁও শংকৰ মিশ্যনত বিবাহ উপযুক্ত পাত্ৰ-পাত্ৰীৰ বিশেষ সভা...

ডিজিটেল সংবাদ, বঢ়মপুৰ : নগাঁও জিলাৰ শংকৰ মিশ্যনৰ প্ৰেক্ষাগৃহত দেওবাৰে অনুষ্ঠিত হয় এক বিশেষ সভা। উপযুক্ত পাত্ৰ-পাত্ৰীৰ বৈবাহিক সংযোগ স্থাপন কৰিবৰ বাবে অনুষ্ঠিত হয় এই সভা।

উক্ত সভাত সভাপতিত্ব কৰে দেৱকান্ত গোস্বামীয়ে। একমাত্ৰ ব্ৰাহ্মণ পৰিয়ালৰ যুৱক- যুৱতীৰ বিবাহ সংযোগ স্থাপন কৰিবৰ বাবে গঠন হোৱা ফেচবুক গ্ৰুপত অসমৰ বিভিন্ন প্ৰান্তৰ যুৱক-যুৱতীৰ লগতে ব্ৰাহ্মণ সম্প্ৰদায়ৰ বিশিষ্ট ব্যক্তিসকল জড়িত হৈ আছে। দুবছৰ পূৰ্বে গঠন হোৱা এই ফেচবুক গ্ৰুপৰ জৰিয়তে ইতিমধ্যে বিশখনৰো অধিক বিবাহ সম্পন্ন হৈছে বুলি জানিবলৈ দিছে ।

দেওবাৰে এই সভাত ফেচবুক গ্ৰুপৰ প্ৰতিনিধি সকলৰ উপৰিও বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সাহিত্যিক তথা, শিক্ষাবিদ ড: ত্ৰিদিপ গোস্বামী। সভাত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিনিধি সকলে নিজৰ মনৰ ভাৱ ব্যক্ত কৰে।

নগাঁও শংকৰ মিশ্যনত বিবাহ উপযুক্ত পাত্ৰ-পাত্ৰীৰ বিশেষ সভা...
কি বাৰ্তাই বিশেষ কৰিলে "মন কি বাত" ?

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in