বৈঠালাংছ' ৰাজপথত পুখুৰী সদৃশ গাত

বৈঠালাংছ' ৰাজপথত পুখুৰী সদৃশ গাত

author-image
Asomiya Pratidin
New Update
বৈঠালাংছ' ৰাজপথত পুখুৰী সদৃশ গাত

ডিজিটেল সংবাদ, কামপুৰঃনগাঁও জিলাৰ কামপুৰৰ পৰা বৈঠালাংছ' হৈ পশ্চিম কাৰ্বি আংলং জিলাক সংযোগ কৰা সদাব্যস্ত গুৰুত্বপূৰ্ণ ৰাজপথটোত সৃষ্টি হৈছে পুখুৰী সদৃশ বৃহৎ বৃহৎ গাতৰ । দৈনিক হাজাৰ হাজাৰ লোকে যাতায়ত কৰা উক্ত ৰাজপথটোত সংশ্লিষ্ট বিভাগে গাতবোৰ পুতাৰ ক্ষেত্ৰত যিদৰে পদক্ষেপ লব লাগিছিল তেনেদৰে পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে ।

Advertisment

উল্লেখযোগ্য যে যোৱা প্ৰলংকাৰি বানৰ সময়ত গড়কাপ্তানি পথৰটোৰ ওপৰেদি পানী বাগৰি যোৱাত পানীৰ সোঁতে কেইবাখনো ঠাইৰ পথ খহি নিয়াৰ লগতে কিছু কিছু ঠাইত গাতৰ সৃষ্টি কৰে। ইপিনে কামপুৰ বৈঠালাংছূ গড়কাপ্তানি পথৰ ওপৰেদি অভাৰ লোডিং ট্ৰাক, ডাম্পাৰ চলাচলত পথৰ কিছু অংশ বহি যোৱাৰ অভিযোগ উঠিছে। যাৰ বাবে অতি শীঘ্ৰে এই পথৰ গাঁত বোৰ লোক নিমাৰ্ণ বিভাগে শীঘ্ৰে মেৰামতি সম্পন্ন কৰিবলৈ নগাঁও জিলাৰ আমছূৰ সভাপতি আব্দুল নুৰে আহ্বান জনাইছে।

Also Read: ২০০ কোটি টকা দাবী! মেইলৰ জৰিয়তে মুকেশ আম্বানীক হত্যাৰ ভাবুকি...