কামপুৰত দুৰ্যোগ প্ৰশমন বিভাগৰ সৌজন্যত সজাগতা মূলক কাৰ্যসূচী সম্পন্ন

কামপুৰত প্ৰাকৃতিক দুৰ্যোগ প্ৰশমন বিভাগৰ সৌজন্যত আৰু পলশাবাৰী প্ৰাথমিক বিদ্যালয়ৰ সহযোগিতাত‌ বানপানীৰ সময়ত ল'ব লগা সাৱধানতা সম্পৰ্কে বিশেষ সজাগতা সভা এখন আজি অনুষ্ঠিত হয়।

author-image
Tushar Pratim
New Update
কামপুৰত দুৰ্যোগ প্ৰশমন বিভাগৰ সৌজন্যত সজাগতা মূলক কাৰ্যসূচী সম্পন্ন

ডিজিটেৰ সংবাদ,কামপুৰঃ কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কলাইখোৱা আৰু কেকুৰীবাৰী ৰাজহ গাঁৱত  প্ৰাকৃতিক দুৰ্যোগ প্ৰশমন বিভাগৰ সৌজন্যত আৰু পলশাবাৰী প্ৰাথমিক বিদ্যালয়ৰ সহযোগিতাত‌ বানপানীৰ সময়ত ল'ব লগা সাৱধানতা সম্পৰ্কে বিশেষ সজাগতা সভা এখন আজি অনুষ্ঠিত হয়।

উক্ত সভাত কামপুৰ অগ্নি নিৰ্বাপন বিভাগৰ জৰিয়তে ৰাইজক বিপদত সকাহ পাবলৈ বিভিন্ন কৌশল প্ৰদৰ্শন কৰাৰ লগতে কলাইখোৱা উপ স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসকৰ দ্বাৰা প্ৰাথমিক চিকিৎসাৰ কৌশল আৰু পলশাবাৰী প্ৰাথমিক বিদ্যালয়ৰ দ্বাৰা শিবিৰ পৰিচালনা ব্যৱস্থাপনাৰ দিশসমূহ ৰাইজৰ সন্মুখত প্ৰদৰ্শন কৰা হয়। তাৰোপৰি সমাজ কল্যাণ বিভাগৰ দ্বাৰা মাতৃ দুগ্ধ  গ্ৰহণ কৰা  শিশু আৰু মাতৃৰ যত্ন দিশসমূহ প্ৰদৰ্শন কৰা হয়।এই অনুষ্ঠানত অঞ্চলটোৰ সচেতন ৰাইজে তথা ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।

কামপুৰ