"মোৰ মাটি মোৰ দেশ" কাৰ্যসূচীৰ অধীনত নগাঁৱত জিলা পৰ্যায়ৰ সভা

"মোৰ মাটি মোৰ দেশ" কাৰ্যসূচীৰ অধীনত নগাঁৱত জিলা পৰ্যায়ৰ সভা
Published on
Updated on

ডিজিটেল সংবাদ, নগাঁও: ৰাজ্যৰ অন্যান্য অঞ্চলৰ লগতে মঙলবাৰে নগাঁৱতো "মোৰ মাটি মোৰ দেশ" অভিযানৰ অংশৰূপে "অমৃত কলহ যাত্ৰা" সন্দৰ্ভত এক সজাগতামূলক অনুষ্ঠানৰ আয়োজন কৰা হয়। এই উপলক্ষে নগাঁও জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত আয়োজিত জিলা পৰ্যায়ৰ এক সভাত অংশ গ্ৰহণ কৰি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই উপস্থিত ৰাইজ আৰু গণ্যমান্য ব্যক্তিসকলক এই অভিযানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাই কয় যে, নগাঁৱৰ প্ৰতিখন ঘৰ আৰু গাঁৱৰ মাটি ৰাষ্ট্ৰৰ ৰাজধানীলৈ যাব আৰু দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ ওচৰত নিৰ্মাণ কৰা অমৃত উদ্যানৰ অংশ হ'ব আৰু সেই উদ্দেশ্যে কাইলৈৰ পৰা "অমৃত কলহ যাত্ৰা" কাৰ্যসূচীত স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰিবলৈ তেখেতে ৰাইজৰ প্ৰতি আহ্বান জনায়।

অনুষ্ঠানত আদৰণি ভাষণ দি জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে নগাঁও জিলাবাসী ৰাইজক এই অভিযানৰ বাবে জিলাখনৰ পৰিকল্পনাৰ বিষয়ে উল্লেখ কৰে আৰু দেশ গঠন আৰু ভাৰতীয় স্বাধীনতা সংগ্ৰামত নগাঁৱৰ লোকসকলে আগবঢ়োৱা অৰিহণাৰ চহকী ইতিহাসৰ ওপৰত আলোকপাত কৰে। তেওঁ বুধবাৰৰ পৰা আৰম্ভ হ'বলগীয়া অমৃত কলহ যাত্ৰা সফল কৰি তোলাৰ বাবে সকলোকে স্বেচ্চাই এই কাৰ্যসূচীত ভাগ ল'বলৈ আহ্বান জনায়।

এই অনুষ্ঠানতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই "মোৰ মাটি মোৰ দেশ" অভিযান সন্দৰ্ভত ৰাজ্যবাসীক উদ্দেশ্যি দিয়া ভাষণ উপস্থিত ৰাইজৰ বাবে পৰিৱেশন কৰা হয়।

অনুষ্ঠানত তিৱা স্বায়ত্ত শাসিত পৰিষদৰ অধ্যক্ষ মদন বৰদলৈ, তিৱা স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য সুৰুজ কোঁৱৰ আৰু বিশ্বজ্যোতি বৰদলৈ, নগাঁও জিলা পৰিষদৰ অধ্যক্ষ মুন মনি দাস বৰা, নগাঁও পৌৰসভাৰ পৌৰপতি অম্বিকা মজুমদাৰ, নগাঁও পৌৰসভাৰ উপ পৌৰপতি সীমান্ত বৰা, ধিং, কামপুৰ আৰু ৰহা পৌৰসভাৰ অধ্যক্ষ আৰু অন্যান্য প্ৰতিনিধিসকল, নগাঁও উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ, নগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অনন্ত গগৈ, এডিচি লক্ষ্যজ্যোতি দাস, গাওঁ পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত, ছাত্ৰ সংগঠন আৰু যুৱ সংগঠনৰ প্ৰতিনিধি, জিলা প্ৰশাসনৰ বিষয়া আৰু ভালেসংখ্যক ৰাইজ উপস্থিত আছিল।

উল্লেখযোগ্য যে, ২০ ছেপ্টেম্বৰৰ পৰা ১ অক্টোবৰলৈকে প্রতিখন গাঁও অথবা চহৰত ঘৰে ঘৰে মাটি সংগ্ৰহ কৰা হ'ব। ২ অক্টোবৰত শোভাযাত্ৰা কৰি মাটিৰ কলহসমূহ পঞ্চায়ত কাৰ্যালয় অথবা পৌৰ কাৰ্যালয়লৈ অনা হ'ব। ৮ অক্টোবৰ আৰু ১৫ অক্টোবৰত খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়লৈ কলহসমূহ অনা হ'ব। ২৫ অক্টোবৰত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ কলহসমূহ নিয়া হ’ব আৰু ২৭ অক্টোবৰত এই কলহসমূহ দিল্লীলৈ ৰাওনা হ’ব। এই মাটি দিল্লীত অমৃত উদ্যান নিৰ্মাণত ব্যৱহাৰ হ'ব।

"মোৰ মাটি মোৰ দেশ" কাৰ্যসূচীৰ অধীনত নগাঁৱত জিলা পৰ্যায়ৰ সভা
'চন্দ্ৰযান-৩'ৰ সফলতাত আছিল অৰিহণা, দৰমহা নাপাই পদপথত বিক্ৰী কৰিছে ইডলী..

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in