/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/bf57e553-7e7f-4ffd-bb81-dfa20bce9a69/3.jpg)
ডিজিটেল সংবাদ, নগাঁও: নগাঁও ব্যক্তিগত খণ্ডৰ বিদ্যালয় নৱৰূপ জাতীয় বিদ্যাপীঠ কনিষ্ঠ মহাবিদ্যালয়ে শনিবাৰে চলিত বৰ্ষৰ নৱাগত আদৰণি সভা আৰু বঁটা বিতৰণী অনুষ্ঠানৰ আয়োজন কৰে। নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানৰ আৰম্ভনিতে শিক্ষানুষ্ঠানখনৰ পৰিচালনা সমিতিৰ প্ৰতিষ্ঠাপক সভাপতি তথা বিশিষ্ট সাহিত্যিক, অনুবাদক,প্ৰাবন্ধিক, ঔপন্যাসিক প্ৰয়াত প্ৰদীপ শইকীয়া আৰু প্ৰতিভাবান ছাত্ৰী প্ৰয়াত মায়াংকী কাশ্যপৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পূস্পাঞ্জলি তৰ্পণ কৰা হয় ।
ইয়াৰ পাছতে শিক্ষানুষ্ঠানখনৰ পৰিচালনা সমিতিৰ সভাপতি তথা শিক্ষাবিদ ড: কমল চন্দ্ৰ শইকীয়াৰ পৌৰাহিত্যত অনুষ্ঠিত হয় এই বঁটা প্ৰদান অনুষ্ঠান। এই অনুষ্ঠানতে নৱৰূপ কনিষ্ঠ মহাবিদ্যালয়ৰ পৰা অৱতীৰ্ণ হোৱা চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত বিশেষ সফলতা আজুৰি অনা ৰশ্মি শৰ্মাক প্ৰয়াত প্ৰদীপ শইকীয়া সোঁৱৰণী বৰ্ষ শ্ৰেষ্ঠ শিক্ষাৰ্থী বঁটা -২০২৪ আৰু প্ৰয়াত মায়াংকী কাশ্যপ সোঁৱৰণী শৈক্ষিক বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। তদুপৰি একেটা অনুষ্ঠানতে ইমনজ্যোতি ভৰদ্বাজ আৰু লিজা কৌশিকক প্ৰদীপ শইকীয়া সোঁৱৰণী বিশেষ পাৰদৰ্শী শিক্ষাৰ্থী -২০২৪ বঁটা আনুষ্ঠানিকভাৱে ভাৱে প্ৰদান কৰা হয়।
বঁটা প্ৰদান অনুষ্ঠানত নগাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড: শৰৎ বৰকটকী, আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ড: সদানন্দ পায়েং, ধিং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড: শৰৎ কুমাৰ দত্ত, প্ৰয়াত প্ৰদীপ শইকীয়াৰ সহধৰ্মিনী চাৰু শইকীয়া, মায়াংকী কাশ্যপৰ মাতৃ তথা শিক্ষয়িত্ৰী শেৱালী বৰুৱা উপস্থিত থাকে।
উল্লেখযোগ্য যে-প্ৰদীপ শইকীয়া সোঁৱৰণী বৰ্ষ শ্ৰেষ্ঠ শিক্ষাৰ্থী বঁটাত আছে ফুলাম গামোচা, এটা স্মাৰক, প্ৰশস্তি পত্ৰ, এটা গ্ৰন্থৰ টোপোলা আৰু নগদ পাঁচ হাজাৰ টকা। প্ৰদীপ শইকীয়া সোঁৱৰণী বিশেষ পাৰদৰ্শী শিক্ষাৰ্থী বঁটাত আছে ফুলাম গামোচা প্ৰশস্তি পত্ৰ,এটা স্মাৰক, এটা গ্ৰন্থৰ টোপোলা আৰু নগদ তিনি হাজাৰ টকা। এই বঁটা প্ৰদান ধাৰাবাহিকভাৱে প্ৰয়াত প্ৰদীপ শইকীয়াৰ পৰিয়ালে আগবঢ়াই আহিছে। তদুপৰি মাংয়াকী কাশ্যপ সোঁৱৰণী শৈক্ষিক বঁটাত আছে ফুলাম গামোচা, প্ৰশস্তি পত্ৰ, এটা স্মাৰক আৰু নগদ তিনি হাজাৰ টকা। এই বঁটাটো আগবঢ়াইছে মায়াংকী কাশ্যপৰ পিতৃ -মাতৃয়ে। ইয়াৰ পাছতে নৱাগত শিক্ষাৰ্থী সকলক আদৰণি জনোৱাৰ লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় ।
Also Read: বোকাজানত গুলীচালনা: বন বিভাগৰ কাৰ্যালয় ঘেৰাও ৰাইজৰ...