আইলক্ষ্মী আঞ্চলিক আন্মানন্দ দেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত অভিনন্দন আৰু বঁটা প্ৰদান অনুষ্ঠান

মানুহৰ জীৱনৰ আটাইতকৈ মধুৰ সময় হৈছে হাইস্কুলত পঢ়ি থকা সময়খিনি। লগতে জীৱন গঢ় দিয়াৰ গুৰুত্বপূৰ্ণ সময়ো এই সময়- লাচিত বৰদলৈ

author-image
Asomiya Pratidin
New Update
আইলক্ষ্মী আঞ্চলিক আন্মানন্দ দেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত অভিনন্দন আৰু বঁটা প্ৰদান অনুষ্ঠান

ডিজিটেল সংবাদ, বটদ্ৰৱা : নগাঁও জিলাৰ খাগৰিজান শিক্ষা খণ্ডৰ অন্তৰ্গত আইলক্ষী আঞ্চলিক আন্মানন্দ দেৱ উচ্চ মাধ্যমিক বিদ্যালয়ত মঙলবাৰে অভিনন্দন আৰু বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। বটদ্ৰৱাৰ সমীপৱৰ্তী নসত্রস্থিত বিদ্যালয়খনৰ পৰা ২০২৪ চনৰ উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কুৰিগৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়।

Advertisment

লগতে বিদ্যালয়খনত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলক উৎসাহ, প্ৰেৰণা জনোৱা উদেশ্যৰে অনুষ্ঠিত অনুষ্ঠানটিত সভাপতিত্ব কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি প্ৰফুল্ল চন্দ্ৰ নাথে। প্ৰধান শিক্ষক সোনটি কলিতাই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে।

উক্ত অনুষ্ঠানটিত নিমন্ত্ৰিত অতিথিৰূপে অংশগ্ৰহণ কৰে বিশিষ্ট সমাজকৰ্মী লাচিত বৰদলৈয়ে। তেঁও কয়- মানুহৰ জীৱনৰ আটাইতকৈ মধুৰ সময় হৈছে হাইস্কুলত পঢ়ি থকা সময়খিনি। লগতে জীৱন গঢ় দিয়াৰ গুৰুত্বপূৰ্ণ সময়ো এই সময়।

অৱসৰপ্ৰাপ্ত শিক্ষক দিলীপ কুমাৰ বৰা, বেথাৰাম বৰা, পবিত্ৰ কুমাৰ শইকীয়া, শিক্ষক বুধেন চন্দ্ৰ বৰা, প্ৰমোদ চন্দ্ৰ বৰা, প্ৰেমানন্দ শইকীয়া, ৰোহিত শৰ্মাকে আদি কৰি কেইবাগৰাকী ব্যক্তিয়ে ভাষণ প্ৰদান কৰা অনুষ্ঠানটি বিদ্যালয়ৰ পৰা ২০২৪ বৰ্ষৰ উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা হৰ্ষিতা কলিতাক মিহিৰাম কলিতা সোঁৱৰণী বঁটা, বীণা ৰাজখোৱা সোঁৱৰণী বঁটা, গোলাপ চন্দ্ৰ বৰা সোঁৱৰণী বঁটা আৰু হলিৰাম নাথ সোঁৱৰণী বঁটা প্ৰদান কৰা হয়।

এই বঁটাসমূহত গামোচা, মানপত্ৰ, নগদ ধন আৰু কিতাপ প্ৰদান কৰা হয়। লগতে ষ্টাৰ নম্বৰ লাভ কৰা ষোড়শী গোঁহাইকো শিক্ষক সোনটি কলিতা, ৰোহিত শৰ্মা, ভদ্ৰ কান্ত হীৰাই নগদ ধন আৰু গ্ৰন্থৰে সম্বৰ্ধনা জ্ঞাপন কৰে। সমাজকৰ্মী গোবিন্দ হাজৰিকা, গাখজুৱা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মৃদুল বৰদলৈ , শচীন্দ্ৰ বৰা,  ৰাতুল বৰা, মৃনালিনী বৰা, ববীতা বৰা, জ্যোতিস্মান বৰাকে আদি কৰি ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক, অতিথিসহ ৫শতাধিক লোক উপস্থিত থকা সভাৰ শেষত শলাগৰ শৰাই আগবঢ়াই শিক্ষক বিপুল বৰাই।

Also Read: টুপিয়া মিনি ষ্টেডিয়ামত নৈশ ফুটবল প্ৰতিযোগিতা : কোৱাৰ্টাৰ ফাইনেলত বিজয়ী ওদালগুৰি ইউনাইটেড ক্লাৱ

বটদ্ৰৱা বিদ্যালয়