এহেজাৰ নাচনীয়ে জীপাল কৰিব উৰিয়াগাওঁ খেলপথাৰ...

২৫ আগষ্টত" চলান বুক অফ ৱৰ্ল্ড ৰেকৰ্ড"ৰ বিশেষ অনুষ্ঠান

author-image
Asomiya Pratidin
New Update
এহেজাৰ নাচনীয়ে জীপাল কৰিব উৰিয়াগাওঁ খেলপথাৰ...

ডিজিটেল সংবাদ, বঢ়মপুৰ: নগাঁও জিলাৰ উৰিয়াগাওঁ খেলপথাৰত অহা ২৫ আগষ্টত "চলান বুক অফ ৱৰ্ল্ড ৰেকৰ্ড " কৰ্তৃপক্ষই বিহুৰ এক অনুষ্ঠানৰ আয়োজন কৰিছে। অসমৰ বিহুক বিশ্বত চিনাকি কৰি দিয়াৰ উদ্দেশ্যৰে "চলান বুক অফ ৱৰ্ল্ড ৰেকৰ্ড " কৰ্তৃপক্ষই আয়োজন কৰা বিহু অনুষ্ঠানত এহেজাৰ নাচনীৰ দ্বাৰা বিহু নাচ প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে। অহা ২৫আগষ্টত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া বিহুৰ অনুষ্ঠানত ১২ বছৰৰ পৰা ২৫ বছৰৰ ভিতৰৰ যুৱতীসকলে অংশগ্ৰহণ কৰাৰ লগতে ১৫ বছৰৰ পৰা ২৫বছৰৰ ভিতৰৰ যুৱকসকলে অংশগ্ৰহণ কৰিব পাৰিব।

Advertisment

উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰা সৰ্বোত্তম ৫ গৰাকী নাচনীক ১০হাজাৰ টকা, দ্বিতীয় পৰ্যায়ৰ ৫ গৰাকীক ৫হাজাৰ টকাৰ লগতে মানপত্ৰ আৰু মেডেল প্ৰদান কৰিব। আনহাতে অনুষ্ঠানত অংশগ্ৰহণ কৰা দুগৰাকী শ্ৰেষ্ঠ ঢুলীয়া, দুগৰাকী শ্ৰেষ্ঠ পেঁপুৱা , দুগৰাকী শ্ৰেষ্ঠ বাঁহী বাদক, দুগৰাকী শ্ৰেষ্ঠ তাল বাদকক দুহেজাৰ টকাকৈ প্ৰদান কৰাৰ উপৰিও মানপত্ৰ আৰু মেডেল প্ৰদান কৰিব। উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰিব বিচৰা প্ৰতিগৰাকী যুৱক-যুৱতীকে অহা ৫ আগষ্টৰ ভিতৰত ৯১০১৫৭৯৪৬৩, ৯১০১২১৮৫৪০ আৰু ৮১৩৪০৪৪৩৭৮ নম্বৰত যোগাযোগ কৰি প্ৰ-পত্ৰ পূৰণ কৰিবলৈ "চলান বুক অফ ৱৰ্ল্ড ৰেকৰ্ড" কৰ্তৃপক্ষই আহ্বান জনাইছে।

Also Read: ধুবুৰীত নৃত্যাংগণৰ উদ্যোগত কথক নৃত্যৰ কৰ্মশালা...

uriagaon