/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/34811574-7150-49fa-bc49-89395cf2dd2c/LOndon.jpg)
ডিজিটেল সংবাদ, নগাঁওঃ লণ্ডনত আন এগৰাকী অসমীয়া ছাত্ৰীয়ে দেখুৱালে কৃৰ্তিত্ব৷ নিজ প্ৰতিভা আৰু প্ৰজ্ঞাৰ দ্বাৰা অসম আৰু অসমীয়াক উচ্চ শিখৰত আৰোহণ কৰোৱাবলৈ সক্ষম হোৱা ছাত্ৰী গৰাকীৰ নাম হৈছে জাহ্নৱী বৰুৱা।
জাহ্নৱী বৰুৱাই বৃহস্পতিবাৰৰ সন্ধিয়া লণ্ডনস্থিত বিশ্বৰ অন্যতম আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান নিউকাছ্ল বিশ্ববিদ্যালয়খনৰ কিংছ্ হলত আয়োজিত সমাবৰ্তনত অংশগ্ৰহণ কৰি নিজৰ স্নাতকোত্তৰ পাঠ্যক্ৰমৰ ড্ৰিটিংছন ডিগ্ৰী আনুষ্ঠানিকভাৱে গ্ৰহণ কৰাৰ লগতে এটি সুন্দৰ বক্তৃতা উক্ত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰে।
অসমীয়া পাটৰ মেখেলা-চাদৰ পৰিধান কৰি ভাৰতীয় সংস্কৃতি আৰু সংস্কাৰ প্ৰদৰ্শন কৰা জাহ্নৱী বৰুৱাই নিজৰ চমু বক্তব্যত এই সফলতাৰ আঁৰত তেওঁৰ পিতৃ-মাতৃ, আত্মীয় -স্বজন, শুভাকাংক্ষী আৰু শিক্ষাগুৰুৰ অপৰিসীম প্ৰেৰণাৰ কথা উল্লেখ কৰে। সুন্দৰকৈ উপস্থাপন কৰা বক্তৃতাই সভাগৃহত উপস্থিত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱাৰ পৰিলক্ষিত হয়।
সেই সময়ত সভাগৃহত মূল আসন অলংকৃত কৰি উপস্থিত আছিল নিউকাছ্ল বিশ্ববিদ্যালয়ৰ ডেপুটি ভাইছচেঞ্চেলৰ অধ্যাপক ড: ব্ৰায়ান ৱাকাৰ। উল্লেখযোগ্য যে-জাহ্নৱী বৰুৱাই নিউকাছ্ল বিশ্ববিদ্যালয়ত লেণ্ডস্কেইপ আৰ্কিটেক্সাৰ বিভাগত স্নাতকোত্তৰ শাখাত অধ্যয়ন কৰি সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হয়। তদুপৰি বিগত বৰ্ষৰ ২৩ জুলাইৰ সন্ধিয়া লণ্ডনৰ নিউকাছ্ল ছেইজ গেইটহে'ড প্ৰেক্ষাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত "ৰয়েল নৰ্দান ছিনফ'নিয়া কোৱাইৰ" দলত অল্ট' শাখাত কণ্ঠশিল্পী হিচাবে অন্তৰ্ভুক্ত হৈ জাহ্নৱী বৰুৱাই ফাৰ্ষ্ট অল্ট' হিচাপে অংশগ্ৰহণ কৰিবলৈ সক্ষম হৈছিল।
সেই উচ্চ পৰ্যায়ৰ অনুষ্ঠানটো বিশ্বৰ আগশাৰীৰ সংবাদ মাধ্যম " বিবিচি"য়ে সম্প্ৰচাৰ কৰিছিল। উল্লেখযোগ্য যে, জাহ্নৱী বৰুৱা নগাঁৱৰ বিশিষ্ট সংগীতজ্ঞ, লেখক, অনুবাদক- আলোচক শিক্ষাবিদ কৃষ্ণ দুলাল বৰুৱা আৰু শিক্ষয়িত্ৰী সংগীতা বৰুৱাৰ একমাত্ৰ কন্যা। জাহ্নৱী বৰুৱাই বিগত ২০২১ চনত যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ পৰা হৰ্ডিকালছাৰ শাখাত শিক্ষা গ্ৰহণ কৰি উচ্চ শিক্ষাৰ বাবে লণ্ডনলৈ গৈছিল ৷
Also Read: কলিয়াবৰৰ সেউজীয়া পাহাৰৰ টিলাত এদল শিল্পীৰ ’বৰ্ণিল কেনভাচ’...