/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/a25d96b4-5235-436f-8829-0876d5b36e40/kothiatoli_3.jpg)
পুনৰ বহিঃ ৰাজ্যত নিৰুদ্দেশ অসম'ৰ যুৱক...
ডিজিটেল সংবাদ কঠীয়াতলীঃ নগাঁও জিলাৰ কঠীয়াতলীৰ এজন যুৱক বহিঃ ৰাজ্যত নিৰুদ্দেশ হোৱাত পৰিয়ালৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। কঠীয়াতলী লুংপুং গাঁৱৰ বাসুদেৱ পাছোৱান আৰু সাবিত্ৰী পাছোৱানৰ পুত্ৰ মাধৱ পাছোৱান নামৰ ৩৩ বছৰ বয়সৰ যুৱকজন যোৱা ৩১ মাৰ্চৰ পৰা ৰে'লেৰে চেকেন্দ্ৰাবাদলৈ গৈ থকাৰ সময়ৰে পৰা পৰিয়ালৰ যোগাযোগ বিছিন্ন হৈ পৰে।
পৰিয়ালৰ লোকৰ মতে বিশাখাপট্টনম আৰু বিজয়ৱাড়াৰ মাজৰ পৰা নিৰুদ্দেশ হৈছে মাধব। বৰ্তমান সময়লৈকে মাধৱৰ কোনো ধৰনৰ শুংসূত্ৰ নোলোৱাত হাহাকাৰৰ সৃষ্টি হৈছে পৰিয়ালৰ মাজত। যদি কোনো সদাশয় লোকে এই যুৱক জনৰ সম্ভেদ পাই তেন্তে পৰিয়ালৰ লোকৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে মাধৱৰ পৰিয়ালে।যোগাযোগৰ নম্বৰ 70022 45769 আৰু 76358 87817।
Also Read: লামডিঙত কাৰ্বি আংলঙৰ পৰা অবৈধভাবে শিল কঢ়িওৱা ডাম্পাৰ জব্দ...