অসম চাহ নিগমৰ ৬খনকৈ চাহ বাগিছা গতাই দিয়া হ’ল ব্যক্তিগত কোম্পানীক

অসম চাহ নিগমৰ ৬খনকৈ চাহ বাগিছা গতাই দিয়া হ’ল ব্যক্তিগত কোম্পানীক

author-image
Asomiya Pratidin
New Update
অসম চাহ নিগমৰ ৬খনকৈ চাহ বাগিছা গতাই দিয়া হ’ল ব্যক্তিগত কোম্পানীক

ডিজিটেল সংবাদ, নগাঁও: চৰকাৰী খণ্ডৰ ৬খনকৈ চাহ বাগিছা গতাই দিয়া হৈছে ব্যক্তিগত খণ্ডৰ কোম্পানীক ৷ অসম চাহ নিগম লিমিটেডৰ এই বাগিছাসমূহ ব্যক্তিগত কোম্পানীক গতাই দিয়াৰ পিছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

Advertisment

জানিব পৰা মতে অসম চাহ নিগম লিমিটেডৰ বাগিছাসমূহৰ ভিতৰত প্ৰথমে ৩খন চাহ বাগিছা ব্যক্তিগত খণ্ডৰ কোম্পানীক চমজি দিয়া হয়৷ এই ৩খন চাহ বাগিছা হৈছে আমলখি চাহ বাগিছা, ডিজুভেলী চাহবাগিছা আৰু লুংচুং চাহ বাগিছা৷ নগাঁও জিলাৰ এই ৩খন চাহবাগিছা হৈছে অসম চাহ নিগম লিমিটেডৰ আটাইকৈ বেছি উৎপাদক্ষম চাহ বাগিছা ৷

চলিত বৰ্ষৰ প্ৰথম ভাগতে আমলখি, ডিজুভেলী আৰু লুংচুং ব্যক্তিগত কোম্পানীৰ হাতত গতাই দিয়াৰ পিছত চিন্তিত হৈ পৰিছে বাগিছাসমূহৰ শ্ৰমিক-কৰ্মচাৰী ৷ কিয়নো ৩০ বছৰৰ বাবে চাহবাগিছা কেইখন লীজত দিয়া হৈছে যদিও শ্ৰমিক কৰ্মচাৰীসকলৰ প্ৰাপ্য সুবিধাৰ ক্ষেত্ৰত অসম চাহ নিগম লিমিটেড বা ব্যক্তিগত খণ্ডৰ কোম্পানীয়ে কোনোধৰণৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ নিগম লিমিটেডে নগাঁৱৰ তিনিওখন চাহ বাগিছা ব্যক্তিগত কোম্পানীক গতাই দিয়াৰ ১০ মাহৰ পিছটো কোনো ধৰনৰ বকেয়া আদায় পোৱা নাই ৷ মৃত আৰু অৱসৰ গ্ৰহণ কৰা একাংশ কৰ্মচাৰীক পিএফ আৰু গ্ৰেচুইটি প্ৰদান কৰিছে যদিও আন প্ৰাপ্য বকেয়াসমূহ আদায় দিয়া নাই ৷ ৰেচনৰ ধন, ভ্ৰমণ বানচ, ফায়াৰ উডৰ ধন, অনাদায় এৰিয়া আদি ১০ মাহে আদায় নোপোৱাত চিন্তিত হৈ পৰিছে কৰ্মচাৰীসকল৷

জানিব পৰা মতে আমলখি, ডিজুভেলী, লুংচুং চাহবাগিছা ৩খন গতাই দিয়া কোম্পানীটোৰ নাম হৈছে বোকাহুলা চাহ কোম্পানী ৷ ৩০ বছৰৰ বাবে বাগিছা কেইখন চলাবৰ বাবে লীজত লোৱা ব্যক্তিগতখণ্ডৰ কোম্পানীটোৰ হাতত কিন্তু মাটি আৰু সম্পত্তিৰ অধিকাৰ প্ৰদান কৰা হোৱা নাই ৷

জানুৱাৰী মাহত ৰাজ্যৰ ভিতৰতে আটাইকৈ বেছি উৎপাদন প্ৰদান কৰা উব্বৰা ভূমিৰ অসম চাহ নিগমৰ আমলখি, ডিজুভেলী আৰু লুঙচুঙ চাহবাগিছা ব্যক্তিগত কোম্পানীক লীজত দিয়াৰ পিছত জুলাই মাহত আৰু ৩খন নিগমৰ চাহবাগিছা গতাই দিয়া হৈছে বোকাহুলা চাহ কোম্পানীক ৷ উজনিৰ এই ৩খন বাগিছাকে লৈ মুঠ ৬খনকৈ চৰকাৰী খণ্ডৰ চাহ বাগিছা ব্যক্তিগতখণ্ডৰ হাতলৈ যায় ৷

আগন্তক দিনত ৰাজ্যৰ নিগমৰ আটাইকেইখন চাহবাগিছা ব্যক্তিগতকৰণ কৰা হ'ব বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে, বোকাহুলা চাহ কোম্পানীৰ মালিক পক্ষৰে বৰ্তমানলৈকে মুখামুখি হোৱা নাই বাগিছা কেইখনৰ কৰ্মচাৰী আৰু শ্ৰমিকসকল ৷ যাৰ বাবে আগন্তক দিনৰ জীৱন নিৰাপত্তাক লৈ শংকিত হৈ পৰিছে চৰকাৰী খণ্ডৰ কৰ্মচাৰী শ্ৰমিকসকল ৷

Also Read: ৮ মহীয়া গৰ্ভৱতী মহিলাক ধৰ্ষণৰ অপচেষ্টা

assam tea corporation ltd.