Advertisment

"সবলীকৰণে এগৰাকী মহিলাক ৰাজনৈতিক, সামাজিক আৰু আৰ্থিকভাৱে সৱল হোৱাতো বুজাই''- বিধায়ক ৰূপক শৰ্মা

আজি বটদ্ৰৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত অসম ৰাজ্যিক গ্ৰামীণ জীবিকা অভিযানৰ মহালক্ষ্মী মণ্ডল সংঘৰ বাৰ্ষিক সাধাৰণ সভাত মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰৃে বিধায়ক ৰূপক শৰ্মাই।

author-image
Asomiya Pratidin
New Update
বিধায়ক ৰূপক শৰ্মা

ডিজিটেল সংবাদ,বটদ্ৰৱাঃ "সবলীকৰণৰ মানে এগৰাকী মহিলা ৰাজনৈতিক ভাৱে, সামাজিক ভাৱে আৰু আৰ্থিক ভাৱে সৱল হোৱাতো বুজাই।"-এই মন্তব্য বিধায়ক ৰূপক শৰ্মাৰ।

Advertisment

আজি বটদ্ৰৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত অসম ৰাজ্যিক গ্ৰামীণ জীবিকা অভিযানৰ মহালক্ষ্মী মণ্ডল সংঘৰ বাৰ্ষিক সাধাৰণ সভাত মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰি তেওঁ এই মন্তব্য প্ৰদান কৰে। মহালক্ষ্মী মণ্ডল পৰ্যায়ৰ সংগঠনৰ সভানেত্ৰী মিনা কলিতাৰ সভাপতিত্বত অনুষ্ঠিত সভাত অসম ৰাজ্যিক গ্ৰামীণ জীবিকা অভিযানৰ জিলা প্ৰকল্প প্ৰবন্ধক চন্দন তালুকদাৰে মহিলাসকলৰ বাবে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ দ্বাৰা কেনেদৰে লাভাম্বিত হ'ব পাৰি তাৰ বিশ্লেষণ কৰে।

আন এগৰাকী অতিথি বটদ্ৰৱা উন্নয়ন খণ্ডৰ প্ৰকল্প প্ৰবন্ধক মিন্টু ডেকাই অসম গ্ৰামীণ জীবিকা অভিযানৰ মহিলা সবলীকৰণ প্ৰকল্পৰ জৰিয়তে সমাজৰ বিভিন্ন ক্ষেত্ৰত মহিলাৰ উৎপাদনমুখী কাম-কাজ বৃদ্ধি কৰাৰ কথা উল্লেখ কৰি এই অভিযানৰ অধীনত আত্মসহায়ক গোটসমূহ সক্ৰিয় কৰা বিভিন্ন আঁচনিৰ বিষয়ে আলোচনা কৰে।

অসম গ্ৰামীণ জীবিকা অভিযানৰ বটদ্ৰৱা পঞ্চায়তৰ কৰ্মী ত্ৰিবেনী কলিতাই আঁত ধৰা অনুষ্ঠানটি বটদ্ৰৱা থান পৰিচালনা সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱা, অসম গ্ৰামীণ বিকাশ বেংকৰ কৰ্মচাৰী তৰণী কান্ত ৰাভা, অধিবক্তা মুকছিদুৰ ৰহমান, প্ৰাক্তন জিলা পৰিষদৰ সদস্যা কাঞ্চন বৰদলৈ, আদৰ্শবান শিক্ষয়িত্ৰী সবিতা দেৱীকে আদি কৰি কেইবাগৰাকী ব্যক্তিয়ে ভাষণ প্ৰদান কৰে।

অনুষ্ঠানটিত মহালক্ষ্মী মণ্ডল পৰ্যায়ৰ সংগঠনৰ সম্পাদিকা প্ৰতিভা ভূঞা লগতে মহালক্ষ্মী মণ্ডল পৰ্যায়ৰ সংগঠনৰ বিষয়ববীয়া সকল, বটদ্ৰৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত পঞ্চায়ত সমূহৰ জিবীকা সখী, কৃষি সখী, পশু সখী, বেংক মিত্ৰ, স্থানীয় আইমাতৄ, যুৱতীসহ সহস্ৰাধিক ৰাইজ উপস্থিত থাকে।

বটদ্ৰৱা অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযান