চোৰাং গৰু সৰবৰাহকাৰীৰ পৰা ধন ল'বলৈ টনা-আজোৰা আৰক্ষী আৰু পৰিবহন বিভাগৰ...

নগাঁৱৰ আৰক্ষীয়ে মোতা অংকৰ ধন আদায় লয় চোৰাং গৰু সৰবৰাহকাৰীৰ পৰা..

author-image
Asomiya Pratidin
New Update
চোৰাং গৰু সৰবৰাহকাৰীৰ পৰা ধন ল'বলৈ টনা-আজোৰা আৰক্ষী আৰু পৰিবহন বিভাগৰ...

ডিজিটেল সংবাদ, নগাঁও:আৰক্ষীৰ ভাগ ল'লে পৰিবহন বিভাগে ৷ এই লৈ উত্তাল কলিয়াবৰ ৷ দেওবাৰে নিশা এখন চোৰাং গৰু গাড়ীক লৈ টনা আজোৰা চলিল নগাঁও আৰক্ষী আৰু পৰিবহন বিভাগৰ মাজত ৷

চোৰাং গৰু বেপাৰীয়ে মিতিৰালি আৰক্ষীৰ। চোৰাং গৰু সৰবৰাহকাৰী বেপাৰীয়ে আৰক্ষীৰ সৈতে মিতিৰালি কৰি সৰবৰাহ কৰি আহিছিল গৰুৰ। পিছে নগাঁৱৰ বাটত জালত পৰিল পৰিবহন বিভাগৰ। সৰবৰাহকাৰীয়ে পৰিবহন বিভাগকেই আৰক্ষী ভাবি আদায় দিলে আৰক্ষীৰে বন্দোবস্তি কৰা ধন। আৰু তাৰ পাছতেই লাগিল অথন্তৰ।

নগাঁও পৰিবহন বিভাগৰ দুই বিষয়াই বন্দোবস্তিৰ মোতা অংকৰ ধন আদায় কৰি নিয়াৰ পিছতেই অৰক্ষী আৰু পৰিবহন বিভাগৰ মাজত লাগিল টকাৰ তনা-আজোৰা। অভিযোগ মতে নগাঁও সীমান্তত নগাঁও পৰিবহন বিভাগৰ এটা দল ইন্টাৰচেপ্তৰ লৈ খাপ পিটি আছিল ৷ তেনেতে এখন চোৰাং গৰু সৰবৰাহ কৰা গাড়ী আহে ৷ গাড়ীখন জব্দ কৰে পৰিবহন বিভাগৰ দুই বিষয়াই ৷ চোৰাং গৰু বেপাৰীয়ে আৰক্ষী বুলি বন্দোবস্তিৰ ধন আদায় দিয়ে পৰিবহন বিভাগক ৷ ধন লাভ কৰি গাড়ীখন যাবলৈ দিয়ে দুই পৰিবহন বিষয়াই ৷

পিছে চোৰাং গৰু সৰবৰাহ কৰা গাড়ীখন পথেৰে আহি থকাৰ সময়ত জখলাবন্ধাত পুনৰ আৰক্ষীয়ে ভেটা দিয়ে ৷ ধন আদায় দিয়াৰ পিছটো পুনৰ গাড়ী ধৰাত চোৰাং বেপাৰিৰ খঙ আৰক্ষীৰ ওপৰত৷ কিয় গাড়ী ধৰিব বুলি আৰক্ষী আৰু চোৰাং বেপাৰীৰ তৰ্ক বিতৰ্ক ৷ আৰু ইয়াৰ পিছতহে উৰহি গছৰ ওৰ ওলোৱাত আৰক্ষী দল চোৰাং গৰু বেপাৰীক লৈ উপস্থিত হয় বুঢ়াপাহাৰ এলেকাত ৷ পাহাৰৰ মাজত ইন্টাৰচেপ্তৰ লৈ পথৰ কাষত খাপ পিটি থকা পৰিবহন বিভাগৰ দুই বিষয়াক কৰায়ত্ব কৰে আৰক্ষীৰ দলটোয়ে৷

আৰক্ষী দলটোৰ এই অভিযানত চোৰাং গৰু বেপাৰীৰ পৰা হস্তগত কৰা ধন দুই পৰিবহন বিষয়াই গতাই দিয়ে আৰক্ষীৰ দলটোক ৷ আৰক্ষীৰ দলটোয়ে আটক কৰে জনৈক বৰুৱা আৰু কলিতা নামৰ পৰিবহন বিষয়া দুজনক ৷ লগতে পৰিবহন বিভাগৰ এখন ইন্টাৰচেপ্তৰ জব্দ কৰি কলিয়াবৰ আৰক্ষীয়ে জিম্মালৈ আনে ৷

শণিবাৰৰ এই ঘটনাৰ পিছত দেওবাৰলৈকে কিন্তু মূখ খোলা নাই নগাঁও আৰক্ষী আৰু নগাঁও পৰিবহন বিভাগে ৷ এই ঘটনাই নগাঁৱত চোৰাং গৰু অবৈধ সৰবৰাহ যে হৈ আহিছে সেই কথা নিশ্চিত কৰিছে ৷

Also Read: চম্পাৱতী নৈৰে চোৰাং গৰু সৰবৰাহ : দুজনক আটক

Assam police