/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/9b82cbaa-a518-454c-8e57-17eb3f2ed91d/398.jpg)
ডিজিটেল সংবাদ,নগাঁও : অসম আন্দোলনৰ অগ্ৰণী নেত্ৰী গায়ত্ৰী গায়ন আৰু নাই।বৃহস্পতিবাৰে পুৱতি নিশা গায়নে শেষ নিশ্বাস ত্যাগ কৰে।
মৃত্যুৰ সময়ত তেঁওৰ বয়স হৈছিল ৮০ বছৰ। নগাঁও চহৰৰ প্ৰতাপ চন্দ্ৰ শৰ্মা পথৰ নিবাসী গায়ত্ৰী গায়ন যোৱা দুদিন মান ধৰি অসুস্থ হৈ আছিল।
পুৱতি নিশা প্ৰায় ৩-৪০ বজাত নিজা বাসভৱনতে মৃত্যুক সাৱতি লোৱাৰ পিছত শোঁকৰ ছাঁ পৰে নগাঁও চহৰত । গায়নৰ মৃত্যুৰ বাৰ্তা বিয়পি পৰাৰ লগে লগে অগনন গুনমুগ্ধ আহি উপস্থিত হয় তেঁওৰ বাসগৃহত ।
অগপৰ জন্মলগ্নৰে পৰা জড়িত গায়ত্ৰী গায়নে মৃত্যুৰ সময়ত দুই পুত্ৰ আৰু এগৰাকী কন্যাক এৰি থৈ গৈছে । প্ৰয়াত গায়নে মৃত্যুৰ আগলৈকে বিভিন্ন সামাজিক কাম আৰু অনুষ্ঠানৰে জড়িত হৈ আছিল ।
Also Read: ৰঙাপাৰাত খাদ্যত বিষক্ৰিয়া হৈ একেটা পৰিয়ালৰ চাৰিজন লোক চিকিৎসাধীন : এগৰাকীৰ মৃত্যু