অসম গ্রামীণ বিকাশ বেংক অৱসৰী সন্থাৰ ২য় দ্বি-বার্ষিক অধিবেশন সম্পন্ন

অসম গ্রামীণ বিকাশ বেংক অৱসৰী সন্থাৰ ২য় দ্বি-বার্ষিক অধিবেশন সম্পন্ন

author-image
Asomiya Pratidin
New Update
অসম গ্রামীণ বিকাশ বেংক অৱসৰী সন্থাৰ ২য় দ্বি-বার্ষিক অধিবেশন সম্পন্ন

ডিজিটেল সংবাদ,বেবেজীয়াঃ অসম গ্ৰামীণ বিকাশ বেংকৰ অৱসৰী সন্থাৰ ২য় দ্বি- বার্ষিক অধিবেশনখন গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত অভিনন্দন সভা কক্ষত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। সভাত সমগ্র অসমৰ প্ৰায় ৪ শতাধিক প্রতিনিধিয়ে অংশগ্ৰহণ কৰে।

Advertisment

সন্থাৰ সভাপতি কমৰেড বিৰিঞ্চি কুমাৰ বুজৰবৰুৱাই সন্থাৰ পতাকা উত্তোলন কৰে। পৰৱৰ্তি সময়ত এন ই এফ আৰ আৰ বি (অৱসৰী) সভাপতি কমৰেড বাবুল বৰাই বন্তি প্রজ্বলন ও শ্বহীদ বেদীত মাল্যাৰ্পণৰে পুৱাৰ কাৰ্যসূচীৰ শুভ আৰম্ভণি হয়। অভ্যৰ্থনা সমিতিৰ সভাপতি কমৰেড ৰাম কৃষ্ণ শৰ্মাই দূৰ-দূৰণিৰ পৰা উপস্থিত হোৱা সকলো প্রতিনিধিকে সভালৈ আদৰণি জনায়।

ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক কমৰেড অমৰ কাকতিয়ে প্ৰয়াত কমৰেড দিলিপ কুমাৰ মুখার্জীৰ সৱল নেতৃত্বত আৰম্ভ কৰা গ্ৰামীণ বেংকৰ কৰ্মচাৰী সকলৰ দীৰ্ঘদিনীয়া সংগ্ৰাম আৰু ইয়াৰ সফলতাৰ বিষয়ে বিস্তৃত বাখ্যা আগবঢ়ায়। উল্লেখ্য যে, গ্রামীণ বেংকৰ কৰ্মচাৰী সকলৰ চাকৰি জীৱন সংগ্ৰামী ইতিহাসেৰে ভৰা। এই সংগ্ৰামৰ ফলতেই বাণিজ্যিক বেংকৰ সমহাৰত বেতন আৰু অনান্য সা-সুবিধা পাবলৈ সক্ষম হৈছে।

শেহতীয়াকৈ উচ্চতম ন্যায়লয়ৰ হস্তক্ষেপত গ্রামীণ বেংকৰ কৰ্মচাৰী সকলক কম্পিউটাৰ ইনক্রিমেন্ট আৰু অৱসৰ গ্ৰহণ কৰা দিনৰ পৰাই পেঞ্চন দিবলৈ কেন্দ্ৰীয় চৰকাৰ বাধ্য হয়। সভাত অসম গ্রামীণ বিকাশ বেংকৰ কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক কমৰেড সমীৰন মেধি আৰু বিষয়া সন্থাৰ সাধাৰন সম্পাদক কমৰেড নুপুৰ বৰাই বিভিন্ন দিশ সামৰি বক্তব্য আগবঢ়াই আৰু অৱসৰী সন্থালৈ তেওঁলোকৰ ফালৰ পৰা সম্পূৰ্ণ সহযোগীতাৰ আশ্বাস প্ৰদান কৰে।

Also Read: মেঘালয়ত ১০জনকৈ বাংলাদেশী নাগাৰিকক আটক আৰক্ষীৰ

assam gramin bikash bank