বঢ়মপুৰত "অসম উৎসৱ"ৰ বৰ্ণাঢ্য কাৰ্য্যসূচী...

নগাঁৱৰ ঐতিহ্যমণ্ডিত বঢ়মপুৰত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে আয়োজন কৰা হৈছে "অসম উৎসৱ"ৰ ৷ দেওবাৰৰ পৰা বুধবাৰলৈ আয়োজন কৰা হৈছে এই উৎসৱৰ
বঢ়মপুৰত "অসম উৎসৱ"ৰ আয়োজন
বঢ়মপুৰত "অসম উৎসৱ"ৰ আয়োজন

ডিজিটেল সংবাদ, বঢ়মপুৰঃ নগাঁৱৰ ঐতিহ্যমণ্ডিত বঢ়মপুৰত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে আয়োজন কৰা হৈছে "অসম উৎসৱ"ৰ ৷ দেওবাৰৰ পৰা বুধবাৰলৈ আয়োজন কৰা হৈছে এই উৎসৱৰ ৷

সোমবাৰে দ্বিতীয় দিনাৰ কাৰ্য্যসূচীত প্ৰদৰ্শন কৰা হয় মুকলি বিহু । মুকলি বিহুৱে ঐতিহ্যাসিক বঢ়মপুৰৰ ৰাজহুৱা খেলপথাৰত এক দৃষ্টিনন্দন পৰিৱেশ সৃষ্টি কৰে ৷

বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমি বঢ়মপুৰত, সকলোৱে একত্ৰিতভাৱে বিহু প্ৰদৰ্শন কৰি বৃহত্তৰ অঞ্চলটোক পৰিণত কৰিলে সমন্বয়ৰ এক উৎসৱস্থলীলৈ ।

"অসম উৎসৱ"
"অসম উৎসৱ"

ৰঙালী বিহুত মুকলি বিহু প্ৰদৰ্শনৰ বাবে দীৰ্ঘদিনৰে পৰা চলি আছিল কৰ্মশালা ৷ কৰ্মশালাৰ সামৰণি অনুষ্ঠান হিচাপে আজি প্রায় ৩০০ শতাধিক ঢুলীয়া-নাচনীয়ে প্ৰদৰ্শন কৰে বিহু নৃত্য । চাৰিওফালে অগণন শ্ৰোতা-দৰ্শকৰ ভিৰ ৷

ৰঙালী বিহুৰ এক সুন্দৰ বাতাবৰণৰ মাজত "অসম উৎসৱ"ৰ এই মুকলি বিহু অনুষ্ঠিত হোৱাকলৈ সকলো আনন্দিত হৈছে ৷ অনাগত দিনত বঢ়মপুৰৰ এই "অসম উৎসৱ" অসমৰ উৎসৱ ৰূপে প্ৰতিষ্ঠিত কৰিবলৈ আশাবাদী উদ্যোক্তা সমিতি।

বঢ়মপুৰক সাংস্কৃতিকভাবে সমিদ্ধ কৰাৰ ক্ষেত্ৰত "অসম উৎসৱ"ৰ এক ভূমিকা আছে ৷ লগতে সমগ্ৰ অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনকো এই উৎসৱে সমিদ্ধশালী কৰিব ৷

বঢ়মপুৰত "অসম উৎসৱ"ৰ আয়োজন
হাটশিঙিমাৰীৰ সন্ধানহীন দুই ভাতৃৰ মৃতদেহ উদ্ধাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in