/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/67a0be4f-3715-42a6-bf8b-f4f4dfdd926b/13.jpg)
ডিজিটেল সংবাদ, কঠীয়াতলীঃ দেওবাৰেদিনযোৰা কাৰ্য্যসুচীৰে কঠীয়াতলী পশ্চিম কাৱৈমাৰী বৰ নামঘৰ প্ৰাংগনত পশ্চিম কাৱৈমাৰী শাখা সমিটিৰ সৌজন্যত "অসম বৈদিক বৈষ্ণৱ মহাসভাৰ" কঠীয়াতলী আঞ্চলিক সমিটিৰ দ্বি-বাৰ্ষিক অধিবেশনখনি অনুস্থিত হৈ যায়।
কাৰ্য্যসুচী অনুসৰি পুৱা ৰ্ধম ধ্বজ্বা উত্তোলন, বন্তি প্ৰজ্বলন, নাম কীৰ্তন, আয়তীসকলৰ দ্ধাৰা দিহানাম , প্ৰসাদ বিতৰণ আৰু এখনি প্ৰতিনিধি সভা অনুস্থিত হয়। উক্ত দিনযোৰা কাৰ্য্যসুচীত অসম বৈদিক বৈষ্ণৱ মহাসভা কঠীয়াতলী আঞ্চলিক সমিটি আৰু পশ্চিম কাৱৈমাৰী শাখা সমিটিৰ আই মাতৃ, যুৱক যুৱতী তথা ভকত বৈষ্ণৱ সকলৰ লগতে বহু আমন্ত্ৰিত অতিথি উপস্থিত থাকে । অনুষ্ঠান ভাগ সাফল্যমণ্ডিত হোৱাত সকলো ভক্তপ্ৰান ৰাইজক ধন্যবাদ জ্ঞাপন কৰে আয়োজক সমিতিয়ে।
Also Read: কোকৰাঝাৰ সমষ্টিত মনোনয়ন দাখিল কৰিব পৃথ্বিৰাজ নাৰায়ন দেৱ মেচে
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us