Advertisment

অসম নাট্য সন্মিলনৰ পূৰ্ণাংগ নাট প্ৰতিযোগিতাত পবিত্ৰ কলিতাৰ 'কাঁইট'লৈ শ্ৰেষ্ঠ নাট্যদলৰ সন্মান

অসম নাট্য সন্মিলনৰ পূৰ্ণাংগ নাটৰ মূল প্ৰতিযোগিতাত নগাঁৱৰ পবিত্ৰ কলিতাৰ ৰচিত আৰু পৰিচালিত 'কাঁইট' নাটখনিয়ে শ্ৰেষ্ঠ নাট্যদলৰ সন্মানৰ লগতে মুঠ তিনিটাকৈ পুৰস্কাৰ লাভ কৰিছে ।

author-image
Asomiya Pratidin
New Update
অসম নাট্য সন্মিলনৰ পূৰ্ণাংগ নাট প্ৰতিযোগিতাত পবিত্ৰ কলিতাৰ 'কাঁইট'লৈ শ্ৰেষ্ঠ নাট্যদলৰ সন্মান

ডিজিটেল সংবাদ, নগাঁও:  চলিত মাহৰ ১৮, ১৯ আৰু ২০ জানুৱাৰীত নলবাৰী জিলাৰ বেলশৰত অসম নাট্য সন্মিলনৰ পূৰ্ণাংগ নাটৰ মূল প্ৰতিযোগিতাখনি অনুষ্ঠিত হয় । প্ৰতিযোগিতাত নগাঁও সদৰ শাখাৰ পৰা অংশগ্ৰহণ কৰা পবিত্ৰ কলিতাৰ দ্বাৰা ৰচিত আৰু পৰিচালিত 'কাঁইট' নাটখনিয়ে শ্ৰেষ্ঠ নাট্যদলৰ সন্মানৰ লগতে মুঠ তিনিটাকৈ পুৰস্কাৰ লাভ কৰে ।

Advertisment

লগতে কৈঠালকুছি শাখা, নলবাৰীৰ পৰা অংশগ্ৰহণ কৰা 'জল্টীবুঢ়ীৰ জলফাই' নাটখনিয়ে দ্বিতীয় শ্ৰেষ্ঠ নাট্যদলৰ সন্মান আৰু বৰদৌলগুৰি শাখা, মঙলদৈৰ 'আন্ধাৰত ৰ'দৰ বোল' নাটখনিয়ে তৃতীয় শ্ৰেষ্ঠ নাট্যদলৰ সন্মান লাভ কৰে ।

নগাঁও সদৰ শাখাৰ 'কাঁইট' নাটখনত অভিনয় কৰা তন্মী ফুকনে দ্বিতীয় শ্ৰেষ্ঠ অভিনেত্ৰী আৰু নেত্ৰ কমল বৰাই শ্ৰেষ্ঠ আৱহ সংগীতৰ বঁটা লাভ কৰে । নগাঁৱৰ নাট্যদলটোৰ এই সফলতাক লৈ এতিয়া উৎফুল্লিত হৈ পৰিছে কলংপৰীয়া নাট্যকৰ্মীসকল।

নাট প্ৰতিযোগিতা অসম নাট্য সন্মিলন